মুকালমুৱাৰ ২নং কেকানকুচিত দুই ফৈদৰ ভূমি কেন্দ্ৰীক সংঘাতত দুগৰাকী লোক আহত হয়। ভূমি কেন্দ্ৰীক সংঘাতৰ ফলত মনচেৰ আলী আৰু পত্নী আহত হয়। এডোখৰ কৃষি ভূমিৰ সীমাক লৈ দুয়োপক্ষৰ মাজত সংঘটিত হয় মাৰপিট। মনচেৰ আলী নামৰ লোকজনৰ অভিযোগ মতে সীমা অতিক্ৰম কৰি তেওঁৰ ভূমিত বলপূৰ্বক খেতি কৰিবলৈ অহাৰ অভিযোগ বাক্কাৰ আলী নামৰ লোকজনৰ বিৰুদ্ধে। মনচেৰ আলীয়ে ভূমিত বাক্কাৰ আলীক খেতি কৰিবলৈ বাধা দিয়াত শাৰীৰিকভাৱে আক্ৰমণ কৰে মনচেৰ আলী আৰু তেওঁৰ পত্নীক। আহত দুয়োগৰাকীক মুকালমুৱা চিকিৎসালয়ত ভৰ্তি কৰোৱাই। সমগ্ৰ ঘটনাৰ উচিত তদন্ত কৰিবলৈ আৰক্ষী প্ৰশাসনত আহ্বান জনায় ভুক্তভোগী লোক জনে।