মুকালমুৱাঃ মুকালমুৱাৰ লাৰকুছিত স্থাপন কৰা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ আজি আনুষ্ঠানিকভাৱে মুকলি কৰে বৰক্ষেত্ৰী সমষ্টিৰ বিধায়ক দিগন্ত বৰ্মনে। ২০১৬ চনতে প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰক্ষেত্ৰী সমষ্টিৰ প্ৰাক্তন বিধায়ক ভূমিধৰ বৰ্মনে আধাৰশিলা স্থাপন কৰা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰটোৰ গৃহ নিৰ্মাণ হোৱাৰ পিছতো বিগত সময়ত কৰিব পৰা নাছিল মুকলি। স্বাস্থ্য কেন্দ্ৰটোত প্ৰয়োজনীয় সা-সামগ্ৰীৰ অভাৱত মুকলি কৰিব পৰা নাছিল স্বাস্থ্য কেন্দ্ৰটো। অৱশেষত প্ৰয়াত ডা০ ভূমিধৰ বৰ্মনৰ পুত্ৰ তথা বৰ্তমানৰ বিধায়ক দিগন্ত বৰ্মনৰ তৎপৰতাত মুকলি কৰে স্বাস্থ্য কেন্দ্ৰটো। স্বাস্থ্য কেন্দ্ৰটোৰ মুকলি অনুষ্ঠানটোত উপস্থিত থাকে নলবাৰী জিলা যুটীয়া স্বাস্থ্য সঞ্চালক উমেশ ফাংচু, মুকালমুৱা মহকুমা চিকিৎসা বিষয়া চক্ৰধৰ বৰ্মন।