আছিক আলী, মুকলামুৱাঃ মাজুলী ফেৰি দুৰ্ঘটনাৰ পিছত ৰাজ্যত বন্ধ কৰি দিয়া হৈছিল এক ইঞ্জিনযুক্ত নাওঁৰ চলাচল। যাৰ ফলত নৈ বুকুৰা যাত্ৰা কৰা যাত্ৰীসকল সমস্যাৰ সন্মুখীন হৈছিল৷ জলপথত বিপদমুক্ত যাতায়াতৰ ব্যৱস্থা কৰাৰ সিদ্ধান্ত লয় চৰকাৰে। দ্বৈত ইঞ্জিনযুক্ত নাও-ফেৰী চলাচজল কৰাৰ ব্যৱস্থা কৰে৷ ৰাজ্য চৰকাৰৰ নিৰ্দেশৰ পিছতে মুকালমুৱাৰ লাৰকুছিত মুকলি কৰে দ্বৈত ইঞ্জিনযুক্ত উন্নত মানৰ নাওঁ। লাৰকুছি পাৰঘাটত দ্বৈত ইঞ্জিনযুক্ত উন্নত মানৰ নাওঁৰ শুভ উদ্বোধন কৰি দৌলাশাল জিলা পৰিষদৰ সদস্য বিৰাজ মেধিয়ে। উদ্বোধন কৰি বিৰাজ মেধিয়ে দ্বৈত ইঞ্জিনযুক্ত নাৱৰ ব্যৱস্থা কৰাত জলপথেৰে যাতায়ত কৰা লোকসকলৰ বিভিন্ন সুবিধা হ’ব বুলি কয়। মুকালমুৱাত ব্ৰহ্মপুত্ৰ নৈৰ পাৰঘাটসমূহত চৰাঞ্চলৰ ৰাইজে যাতায়তৰ নামত হাৰাশাস্তি ভুগি আহিছিল।