তৃতীয় পৰ্যায়ৰ গুণোৎসৱৰ আজি তৃতীয় দিন। বিদ্যালয়সমূহত এক উখল মাখল পৰিবেশ। ১৯১৮ চনতে স্থাপন হোৱা বৰক্ষেত্ৰীৰ বিদ্যালয়ত গুণোৎসৱ উপলক্ষে উপস্থিত হয় সমষ্টিটোৰ বিধায়ক দিগন্ত বৰ্মন। বৰক্ষেত্ৰী শিক্ষা খণ্ডৰ অন্তৰ্গত মুগদি প্ৰাথমিক বিদ্যালয়ত শ্ৰেণী কোঠাত প্ৰবেশ কৰি শিক্ষাৰ্থীৰ লগত মতবিনিময় কৰে বৰক্ষেত্ৰী সমষ্টিৰ বিধায়ক দিগন্ত বৰ্মনে। দুপৰীয়া বিদ্যালয়খনৰ ছাত্র-ছাত্ৰীৰ লগত একেলগে আহাৰ গ্ৰহণ কৰে বিধায়ক বৰ্মনে। শিক্ষাৰ গুণগত মানদণ্ড উন্নত কৰাৰ লক্ষ্যৰে শিক্ষা বিভাগে অনুষ্ঠিত কৰা গুণোৎসৱৰ জড়িয়তে ছাত্র-ছাত্ৰী সকলে সুফল লাভ কৰিব বুলি কয় বৰ্মনে।