মুকালমুৱাৰ বৰতলাত বিজেপিৰ ভাতৃ সংগঠন যুৱ-মৰ্চাৰ নলবাৰী জিলা সমিতিৰ কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয়। আগন্তুক লোকসভা নিৰ্বাচনত বিজেপিৰ সাংগঠনিক ভেটি শক্তিশালী কৰাৰ উদ্দেশ্যে অনুষ্ঠিত কৰে কাৰ্যনিৰ্বাহক সভা। কাৰ্যনিৰ্বাহক সভা উপস্থিত থাকে GMDAৰ অধ্যক্ষ তথা বৰক্ষেত্ৰী প্ৰাক্তন বিধায়ক নাৰায়ণ ডেকা, অসম যুৱ আয়োগৰ উপাধ্যক্ষ অনুপ বৰ্মন, ভাৰতীয় জনতা যুৱ মৰ্চাৰ নলবাৰী জিলাৰ সভাপতি হেমন্ত বৰ্মন, নলবাৰী নগৰ উন্নয়ন প্ৰাধীকৰণৰ অধ্যক্ষ বনদ্বীপ ডেকা, বৰক্ষেত্ৰী যুৱ মৰ্চাৰ সভাপতি প্ৰীতম গোস্বামীকে আদি কৰি ৰাজ্যিক আৰু জিলা পৰ্য্যায়ৰ যুৱ মৰ্চাৰ বিষয়-ববীয়াৰ লগতে যুৱ মৰ্চাৰ সদস্যসকল।