মুকালমুৱাঃ বৰক্ষেত্ৰী উন্নয়ন খণ্ডৰ অধীনস্থ কালাৰচৰ গাঁও পঞ্চায়তত প্ৰধানমন্ত্ৰী আবাস যোজনাৰ গৃহত ব্যাপক অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে। প্ৰথম কিস্তিৰ ধন লাভ কৰাৰ পাছত পৰৱৰ্তী কিস্তিৰ ধনৰ পৰা বঞ্চিত হ’বলগীয়া হৈছে এগৰাকী দৰিদ্ৰ হিতাধীকাৰী। পঞ্চায়ত বিভাগৰ বিষয়া-কৰ্মচাৰীৰ হেমাহিৰ বাবে প্ৰধানমন্ত্ৰী আবাস যোজনাৰ গৃহ অৰ্ধনিৰ্মিত হৈ থকাৰ অভিযোগ। কালাৰচৰৰ মহিৰন বেগম নামৰ মহিলাগৰাকীয়ে লাভ কৰিছিল প্ৰধানমন্ত্ৰী আবাস যোজনাৰ এটি ঘৰ। প্ৰায় ১৪ মাহ পূৰ্বে প্ৰথম কিস্তিৰ ধনেৰে আৰম্ভ কৰিছিল ঘৰটোৰ নিৰ্মাণ কাৰ্য। পৰৱৰ্তী কিস্তিৰ ধনৰ বাবে পঞ্চায়ত বিভাগৰ কৰ্মচাৰীয়ে কেইবাবাৰো সংগ্ৰহ কৰিছিল নিৰ্মীয়মান ঘৰটোৰ ফটো। এবছৰ অতিক্ৰম কৰিলে কিন্তু পৰৱৰ্তী কিস্তিৰ ধন লাভ নকৰিলে হিতাধীকাৰীয়ে। যাৰ ফলত অৰ্ধনিৰ্মিত হৈ পৰি থাকিল প্ৰধানমন্ত্ৰী আবাস যোজনাৰ গৃহ। পৰৱৰ্তী কিস্তিৰ বাবে পঞ্চায়ত বিভাগৰ কৰ্মচাৰীয়ে ধন বিচৰাৰো অভিযোগ দৰিদ্ৰ হিতাধীকাৰীৰ। পঞ্চায়ত বিভাগৰ বিষয়া কৰ্মচাৰীৰ হেমাহিৰ বাবে ঘৰটো অৰ্ধনিৰ্মিত হৈ থকা বুলি অভিযোগ কৰে। এনে ক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰক দাবী জনািছে দৰিদ্ৰ হিতাধীকাৰীয়ে।