মুকালমুৱাৰ পৰা মিৰাজ হুছেইনঃ আজি মুকালমুৱাত ভাৰতীয় জনতা পাৰ্টীৰ মহিলা মৰ্চাৰ বৰক্ষেত্ৰী মণ্ডল সমিতিৰ উদ্যোগত নাৰী সৱলীকৰণৰ সজাগতা সভা অনুষ্ঠিত হয়। কেন্দ্ৰীয় চৰকাৰৰ অষ্টম বৰ্ষপূৰ্তি উপলক্ষে সজাগতা সভাখন GMDAৰ অধ্যক্ষ নাৰায়ণ ডেকাৰ মুকালমুৱাস্থিত বাসগৃহত অনুষ্ঠিত হয়। আত্মসহায়ক গোটৰ মহিলাসকলে চৰকাৰী আঁচনিসমূহ লাভ কৰি সেই আঁচনিসমূহৰ দ্বাৰা কিদৰে নিজকে স্বাৱলম্বী কৰিব পাৰে সেই সম্পৰ্কে সজাগতা সভাত আলোচনা কৰা হয়। সজাগতা সভাখনত উপস্থিত থাকে ভাৰতীয় জনতা পাৰ্টীৰ নলবাৰী জিলা সমিতিৰ সম্পাদক মহেশ বৰ্মন, ভাৰতীয় জনতা পাৰ্টীৰ নলবাৰী জিলা সমিতিৰ সাধাৰণ সম্পাদক পুলক শৰ্মা, ভাৰতীয় জনতা পাৰ্টীৰ মহিলা মৰ্চাৰ বৰক্ষেত্ৰী মণ্ডলৰ সভানেত্ৰী নিশা মেধী, ভাৰতীয় জনতা পাৰ্টীৰ বৰক্ষেত্ৰী মণ্ডলৰ সাধাৰণ সম্পাদক শৈলেন্দ্ৰ কলিতা, ভাৰতীয় জনতা পাৰ্টীৰ মহিলা মৰ্চাৰ নলবাৰী জিলা সমিতিৰ উপ-সভানেত্ৰী ক্ষিৰোদা তালুকদাৰৰ লগতে ভাৰতীয় জনতা পাৰ্টীৰ বৰক্ষেত্ৰী মণ্ডলৰ বিভিন্ন বিষয়ববীয়া তথা আত্মসহায়ক গোটৰ মহিলাসকল।