মুকালমুৱাঃ ৫ ৰাজ্যৰ বিধানসভা নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টীয়ে ৪ খনত চৰকাৰ গঠন কৰিবলৈ সক্ষম হোৱাত সমগ্ৰ দেশতে বিজেপি কৰ্মীসকলে উৎফুল্লিত হৈ পৰে। বিধানসভা নিৰ্বাচনৰ লগতে মাজুলীৰ উপ-নিৰ্বাচন আৰু সদ্যসমাপ্ত পৌৰ সভা নিৰ্বাচনত বিজেপিৰ সফলতাত সমগ্ৰ ৰাজ্যতে বিজেপিৰ কৰ্মীসকলৰ মাজত এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হয়। মুকালমুৱাত ভাৰতীয় জনতা পাৰ্টীৰ বৰক্ষেত্ৰী মণ্ডলে দলটোৰ সফলতাত বিজয় উৎসৱ পালন কৰে। বৰক্ষেত্ৰীৰ কেন্দ্রস্থল মুকালমুৱাত ফটকা ফুটাই এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি কৰে। বিজয় ধ্বনিৰে ভাৰতীয় জনতা পাৰ্টীৰ বৰক্ষেত্ৰী মণ্ডলৰ বিষয়-ববীয়া তথা কৰ্ম-কৰ্তাসকলে দলৰ সফলতাত বিজয় উৎসৱ পালন কৰে।