মুকালমুৱাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী চৰকাৰৰ অষ্টম বৰ্ষপূৰ্তি উপলক্ষে কৃষক সম্পৰ্ক অভিযান কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। ভাৰতী জনতা পাৰ্টীৰ বৰক্ষেত্ৰী কৃষক মৰ্চাৰ উদ্যোগত অনুষ্ঠিত কৃষক সম্পৰ্ক অভিযান কাৰ্যসূচী। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী চৰকাৰৰ অষ্টম বৰ্ষপূৰ্তি উপলক্ষে সেৱা, সুশাসন আৰু গৰীৱ কল্যাণ আঁচনিৰ অধীনত কৃষক সম্পৰ্ক অভিযান কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়। কৃষক সম্পৰ্ক অভিযান কাৰ্যসূচীৰ শুভাৰম্ভ অনুষ্ঠানত উপস্থিত থাকে নলবাৰী জিলা পৰিষদৰ সভাপতি নিতুল ডেকা, ৰাজ্যিক কৃষক মৰ্চাৰ প্ৰভাৰী ইন্দ্ৰানী তহবিলদাৰ, ৰাজ্যিক সংখ্যালঘু মৰ্চাৰ কাৰ্যনিৰ্বাহক ৰুবুল আলী, বৰক্ষেত্ৰী মণ্ডল কৃষাণ মৰ্চাৰ সভাপতি অৰূপ ডেকা৷