ডিজিটেল ডেস্কঃ নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত দলীয় ৰাজ্যিক মুখ্য কাৰ্যালয়ত সংবাদ মেল সম্বোধন বিজেপিৰ মুখপাত্ৰ পৱিত্ৰ মাৰ্ঘেৰিটাৰ। কংগ্ৰেছ-এআইইউডিএফৰ ওচৰত আত্মসমৰ্পণ কৰা ‘মীৰ জাফৰ’, ‘জয়চান্দহঁত’ৰ জাতীয়তাবাদ সম্পৰ্কে কথা কোৱাৰ নৈতিক অধিকাৰ নাই।… এখন শস্য শ্যামলা পথাৰ, ফলে-ফুলে জাতিস্কাৰ এজোপা বৃক্ষ বা এজনী দুগ্ধদায়িনী গাই সনাতন সংস্কৃতিৰ একো একোটা ইতিবাচক উপমা। গৰুক ইতৰ প্ৰাণীৰূপে তুচ্চাৰ্থ কৰা বা খাদ্যৰ বাবে হত্যা কৰাসকলৰ দৃষ্টিকোণৰ পৰা এই উপমা গ্ৰহণযোগ্য নহ’বও পাৰে বুলি সংবাদমেলত মন্তব্য পৱিত্ৰ মাৰ্ঘেৰিটাৰ। আনহাতে, অখিল গগৈয়ে ৰূপম গোস্বামীৰ বিৰুদ্ধে হাস্যকৰ অভিযোগ অনা বুলি কৈ অখিলে পলায়নৰ পথ হৰাৰ আগতেই ঠিক কৰি থোৱা বুলি উল্লেখ কৰে। সংবাদমেলত তেওঁ আৰু কয় যে ভূপেন বৰা, লুৰিণজ্যোতি গগৈ, অখিল গগৈৰ মিটিঙত মানুহৰ সেৰেঙা উপস্থিতিয়েই সূচাইছে তেওঁলোকৰ গ্ৰহণযোগ্যতা কিমান। অজিত কুমাৰ ভূঞা মীৰজাফৰ, লুৰিণ, অখিল জয়চান্দ- জাতীয়তাবাদৰ কথা কোৱাৰ অধিকাৰ নাই এওঁলোকৰ। জাতিক ফাঁকি দিয়া মীৰজাফৰ, জয়চান্দ- অজিত ভূঞা, অখিল গগৈ, লুৰিণজ্যোতি গগৈ বুলি তেওঁ মন্তব্য কৰে।