March 26, 2023, 9:06 pm
শেহতীয়া খবৰ ▪️
শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ বকলীয়াঘাট আঞ্চলিক শাখাৰ ৬৫ সংখ্যক প্ৰতিনিধি সভা জামুগুৰিহাটৰ ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলন চিচুপানীত নিখিল বড়ো ছাত্ৰ সন্থাৰ অধিবেশন স্কুল অৱ ড্ৰামাৰ নিবেদন “দ্য চাইলেণ্ট কিলাৰ” মৰিয়নি বিহু সুৰক্ষা সমিতিৰ পঞ্চম দ্বিবাৰ্ষিক অধিবেশন আৰ্তজনৰ কাষত তিতাবৰ মহকুমা গ্ৰাম্য সাংবাদিক সংন্থা প্ৰধান মন্ত্ৰীৰ কৃষক সন্মান নিধি বিষয়ক সভা ৰাজধানী এক্সপ্ৰেছত জুই হোজাইৰ কপাহবাৰীত পথ দুৰ্ঘটনা বিটিচিত আজি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন কোকৰাঝাৰত হাগ্ৰামা মহিলাৰীৰ ভোটদান মন্ত্ৰী চন্দন ব্ৰহ্মৰ ভোটদান এনথৰক্স ৰোগত আক্রান্ত হৈ জয়পুৰ বৰ্ষাৰণ্যত হাতীৰ মৃত্যু তিনিচুকীয়াৰ ঢলা ছৈখোৱাত ঐতিহাসিক “বাবু পূজা” বেবেজীয়াত এ এছ আই প্ৰহ্লাদ নাথে ক্ষমতাৰ অপ-প্ৰয়োগেৰে জনতাক হাৰাশাস্তি দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিছোদিয়ালৈ চিবিআইৰ চমন সৰুপথাৰত নিৰ্মীয়মান কোটি টকীয়া মুকলি মঞ্চ পৰিদৰ্শন বিধায়ক বিশ্বজিৎ ফুকনৰ বাল্যবিবাহত পক্‌ছ’ লগোৱাক লৈ আদালতৰ ভৰ্ৎসনাঃ অভিযুক্তৰ বিৰুদ্ধে পক্‌ছ’ কিয় বুলি অসম আৰক্ষীক প্ৰশ্ন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ২৩ ফেব্ৰুৱাৰীত পুনৰ জে’ললৈ যাব অখিল গগৈ! অখিল গগৈৰ বিৰুদ্ধে আকৌ চলিব গোচৰ, নিয়াৰ আদালতত চলিব গোচৰ আকৌ বজাৰত মূৰ তুলিছে আদানিয়ে, শ্বেয়াৰ মাৰ্কেট স্থিৰ ডাঙৰ চহৰত সৰু কথাতে মানুহক হত্যা, ৫৬ বছৰীয়া লোকক মৰিয়াই নৃশংস হত্যা গ্ৰাহকৰ মূৰত বাঢ়িল ঋণৰ বোজাঃ ৰিজাৰ্ভ বেংকৰ ৰেপোৰেট ৬.৫ শতাংশলৈ লৈ বৃদ্ধি AIUDFৰ বিধায়কৰ আশ্ৰাফুল হুছেইনৰ বিৰুদ্ধে যুৱতীক অপহৰণৰ অভিযোগ ৰাজ্যবাসীৰ বাবে ভাল খবৰ ,অসমৰ আকাশত ন বিমান সংযোগঃ উৰিব পৱন হংস

মিত্ৰজোঁটৰ চৰকাৰখনৰ উন্নয়নমূলক আঁচনিসমূহে গ্ৰাম্যঞ্চলৰ ৰাইজক উপকৃত কৰিছে

Reporter Name
  • Update Time : Friday, August 28, 2020
  • 107 Time View

বেবেজীয়াঃ নিৰ্বাচন সমাগত৷ এতিয়া ৰাজ্যত আধাৰশিলা স্থাপনৰ ৰাজনীতি আৰম্ভ হৈছে৷ সমানে নগাঁও জিলাৰ বটদ্ৰৱা বিধান সভা সমষ্টিত আধাৰশিলা স্থাপনৰ ৰাজনীতি আৰম্ভ হৈছে৷ বিগত কেইবাটাও দিনত কেইবাটাও আঁচনিৰ আধাৰশিলা স্থাপন লগতে শুকুৰবাৰে দলংঘাট উন্নয়ন খণ্ডৰ জামুগুৰি-কুজিদাঁহ গাঁও পঞ্চায়তত বিধায়িকা আঙুৰলতা ডেকাই দুটাকৈ পথৰ আধাৰশিলা স্থাপন কৰে৷ আনহাতে এটা সামূহিকভৱন উদ্ধোধন কৰাৰ লগতে কেইবাটাও নামঘৰত বিধায়ক উন্নয়ন পুঁজিৰ অনুদান চেক বিতৰণ কৰে স্থানীয় বিধায়িকা আঙুৰলতা ডেকাই৷

গড়কাপ্তানী (পথ) বিভাগৰ তত্ত্বাৱধানত ৰাজ্যৰ স্ব-শিতানৰ অগ্ৰাধিকাৰ দাবী অনুমোদিত আঁচনিৰ ২০১৯-২০ বৰ্ষৰ অধীনত নিৰ্মাণ হ’বলগীয়া ৩নং ৰাজ্যিক পথৰ পৰা জামুগুৰি সংযোগী আৰু কুজিদাঁহ-হাতীচোং মহাবিদ্যালয় সংযোগী পথ দুটাৰ আধাৰশিলা স্থাপন কৰাৰ পিছত চতুৰ্দশ বিত্তীয় আয়োগৰ আৱণ্টিত পুঁজিৰে নিৰ্মিত কুজিদাঁহ শ্ৰীমন্ত শংকৰ চ’ৰা কলা পৰিষদৰ সমূহীয়া ভৱনৰ শুভ উদ্বোধন কৰে৷

উক্ত পঞ্চায়তৰ দহটাকৈ নামঘৰত উন্নয়ণমূলক কামৰ আৰ্থিক অনুদানৰ চেক বিতৰণ কৰে বিধায়িকাগৰাকীয়ে৷ এই আধাৰশিলা স্থাপন অনুষ্ঠানত বিধায়িকাগৰাকীয়ে বিজেপি নেতৃত্বাধীন মিত্ৰ জোঁটৰ চৰকাৰখনে অসমৰ ৰাইজৰ বাবে কৰি অহা বিভিন্ন উন্নয়নমূলক আঁচনিসমূহৰ দ্বাৰা গ্ৰামাঞ্চলৰ ৰাইজ কেনেদৰে উপকৃত হৈছে সেই বিষয়ে উপস্থিত ৰাইজৰ সন্মুখত ব্যক্ত কৰে৷ এই আধাৰশিলা স্থাপন অনুষ্ঠানত গড়কাপ্তানি (পথ) বিভাগৰ সহকাৰী অভিযন্তা হিমাংশু দাস, কনিষ্ঠ অভিযন্তা অসীম কুমাৰ নাথ, দলংঘাট উন্নয়ন খণ্ডৰ কনিষ্ঠ অভিযন্তা হৰমোহন হালৈ, হাতীচোং জিলা পৰিষদৰ সদস্যা সীমাৰেখা ভড়ালী, জামুগুৰি-কুজিদাঁহ গাঁও পঞ্চায়তৰ সভাপতি কৌস্তুভ কুমাৰ বৰা, কাউন্সিলৰ ভদ্ৰ বৰা, জামুগুৰি-কুজিদাঁহ মণ্ডল বিজেপিৰ জ্যেষ্ঠ বিষয়-ববীয়াসকল উপস্থিত থাকে৷

🔹 বাতৰিটো ভাল পালে শ্বেয়াৰ কৰক

◼️ তলৰ বাতৰিসমূহো পঢ়িব পাৰে