নিউজ ডেস্কঃ মাটিৰ দখলীস্বত্ব থকা ৰায়তক মালিকীস্বত্ব প্ৰদান কৰাৰ উদ্দেশ্যে অসম চৰকাৰে প্ৰৱৰ্তন কৰা মিছন বসুন্ধৰা আঁচনিৰ আবেদনৰ অন্তিম দিন অহা ৩১ মাৰ্চলৈ বৃদ্ধি কৰা হৈছে। এতিয়ালৈ বসুন্ধৰা পৰ্টলেত ৯,১৮,৬৩১ খন আবেদন লাভ কৰা হৈছে। আবেদনকাৰীসকলে http://rtps.assam.gov.in ত লগ ইন কৰাৰ উপৰি নিকটৱৰ্তী ৰাজহুৱা সুবিধা কেন্দ্ৰলৈ আহি আৱেদন কৰিব পাৰিব। আনহাতে, মিছন বসুন্ধৰাক লৈ কোনো প্রশ্ন, অভিযোগ বা মতামতৰ বাবে ১৮০০-৩৪৫-৩৫৭৪ নম্বৰত যোগাযোগ কৰিব পাৰিব।