নলবাৰীঃ নলবাৰী পৌৰসভা নিৰ্বাচনৰ বাবে আজি ভাৰতীয় জনতা পাৰ্টীয়ে সংকল্প পত্ৰ উন্মোচন কৰে৷ ভাৰতীয় জনতা পাৰ্টীৰ নলবাৰী টাউন মণ্ডল সমিতিৰ কাৰ্যালয়ত সংবাদমেল সম্বোধন কৰি নলবাৰী সমষ্টিৰ বিধায়ক তথা মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচীৱ জয়ন্ত মল্ল বৰুৱাই সংকল্প পত্ৰ উন্মোচন কৰে৷ সংকল্প পত্ৰত চহৰখনৰ প্ৰতিটো ৱাৰ্ডক সামৰি নলা-নর্দমাৰ এক মাষ্টাৰ প্লেন প্রস্তুত কৰাৰ কথা উল্লেখ কৰে। মাষ্টাৰ প্লেনৰ জৰিয়তে আটাইকেইটা ৱাৰ্ডকে কৃত্রিম বানৰ পৰা মুক্ত কৰাৰ ঘোষণা কৰে। পৌৰসভা এলেকাৰ অন্তৰ্গত সকলো সৰু-বৰ পথৰ তালিকা প্রস্তুত কৰি পর্যায়ক্রমে আটাইবোৰ পথ নিৰ্মাণ বা মেৰামতিৰ ব্যৱস্থা কৰা, চহৰখনৰ প্ৰতিঘৰ পৰিয়াললৈ খোৱাপানীৰ সংযোগ ব্যৱস্থা কৰা, চহৰখনত বৰ্তমান কার্যক্ষম হৈ থকা হাই মাস্ক লাইটৰ উপৰিও নতুনকৈ লাইটৰ ব্যৱস্থা কৰাৰ প্ৰতিশ্ৰুতি দিয়ে। নলবাৰীৰ সাৰ্বংগীন বিকাশৰ বাবে ল’বলগীয়া কাৰ্যসূচীসমূহ ব্যক্ত কৰে৷ নলবাৰী জিলা বিজেপিৰ সভাপতি ডাঃ মৃগাংক তালুকদাৰ, অসম গণ পৰিষদৰ কেন্দ্ৰীয় নেতা দিলীপ দাস উপস্থিত থাকে৷