গুৱাহাটীঃ ভাৰতত তেতিয়াও ব্ৰিটিছৰ শাসন৷ চৌদিশে স্বাধীনতা আন্দোলনৰ ভৰপক সময়৷ সেই সময়তে ভাৰতত পদাৰ্পণ কৰিছিল এগৰাকী নাৰীয়ে৷
১৯২৯ চনত মদাৰ টেৰেছা নামৰ নাৰীগৰাকী ভাৰতলৈ আহে আৰু কলকাতাত বসবাস কৰিবলৈ ধৰে৷ কলকাতালৈ আহি শিক্ষাদানৰ বাবে আগ্ৰহী হৈ পৰে টেৰেছা৷ কেথ’লিক খ্ৰীষ্টান মাদাৰ টেৰেছা কলকাতাৰ চেণ্টমেৰী হাইস্কুলত শিক্ষকতা কৰিবলৈ আৰম্ভ কৰে৷ শিক্ষকতাৰে জীৱন আৰম্ভ কৰি ১৯২৯ চনৰ পৰা ১৯৪৮ চনলৈ ছাত্ৰ-ছাত্ৰীৰ মাজতে অতিবাহিত কৰে। টেৰেছাই মূলত ভূগোল আৰু বুৰঞ্জীৰ পঢ়ুৱাইছিল। বিদ্যালয়ৰ অধ্যক্ষাৰ পদো দখল কৰিছিল৷
ভাৰতে স্বাধীনতা লাভ কৰাৰ সময়৷ সেইসময়ত কলকাতাত ভয়াবহ পৰিস্থিতি। চাৰিওফালে অভাৱ, দৰিদ্ৰতা৷ বেমাৰ-আজাৰ। চৌদিশে-আলাই-আথানি৷ নাগৰিক উপায়বিহীন৷ সেই সময়ত মানুহৰ মাজত দেৱদূত ৰূপে কাম কৰিবলৈ প্ৰচেষ্টা কৰিছিল মাদাৰ টেৰেছাই৷ প্ৰতিকাৰৰ কোনো প্ৰচেষ্টা নথকাত টেৰেছাৰ অন্তৰে কান্দিছিল৷ এই শোকাৱহ দৃশ্যবোৰে মাদাৰ টেৰেছাৰ অন্তৰ কঁপাই যোৱাত কিবা এটা কৰিম বুলি ভাবিও কৰিব পৰা নাছিল৷
কিন্তু এদিন টেৰেছাৰ চকুৰ সন্মুখতে ঘটা বিশেষ ঘটনাই অন্তৰত বৰকৈ আঘাত দিছিল৷ এখন হাস্পিতালৰ সন্মুখত এগৰাকী মহিলাই মৃত্যুৰ সৈতে যুঁজি আছিল৷ টেৰেছাই অপ্ৰাণ চেষ্টা কৰিও চিকিৎসালয়ৰ ভিতৰলৈ নি মহিলাক চিকিত্সা কৰিব নোৱাৰিলে। মহিলাক চিকিৎসা কৰিবলৈ অসমৰ্থ হ’ল৷ শেষত মহিলাগৰাকীৰ উক্ত স্থানতে মৃত্যু হয়। সেইদিনাই মৰ্মে মৰ্মে উপলদ্ধি কৰিলে এটি মানৱ সেৱা সংস্থা গঠনৰ কথা ভাবে। তেওঁ সেই কথা ফাডাৰক অৱগত কৰে৷
সৰুৰে পৰা অন্তৰত মানৱ সেৱাৰ ভাব লৈ ফুৰিছিল টেৰেছাই। উক্ত সময়তে মনোবাঞ্চা পূৰণ কৰাৰ সুবিধা পাইছিল৷ সন্নাসিনী আৰু মিছনেৰী জীৱনক ভাল পোৱা পূৰ্বে জেচুইট পাদ্ৰীসকলৰ সৈতে কাম কৰাৰ অভিজ্ঞতাৰে পুষ্ট আছিল টেৰেছা৷ জেচুইট পাদ্ৰীসকলে ভাৰতত থাকি মিছনত কাম কৰিছিল। জেচুইট পাদ্ৰীসকলে আয়াৰলেণ্ডৰ লৰেট সন্ন্যাসিনীসকলৰ লগত যোগদান দিবলৈ পৰামৰ্শ দিয়াত ভাৰতলৈ আহিছিল মাডাৰ টেৰেছা৷ সেই সময়ৰ গাভৰু টেৰেছাই যীশুৰ বাণী প্ৰচাৰ কৰিবলৈ ওলাই আহিছিল। ১৯২৮ চনত আয়াৰলেণ্ডৰ ৰাজধানী ডাবলিনৰ লৰেট মঠত উপস্থিত টেৰেছা নাম লাভ কৰিছিল৷
সেইগৰাকী টেৰেছাই কলাকাতাৰ ভয়াবহ পৰিস্থিতিত মানৱ সেৱা সংস্থা গঠনৰ কথা ভবা মতেই কৰিলে৷ ১৯৫০ চনত মাদাৰ টেৰেছাই ‘দ্যা ছ’চাইটি অৱ দ্যা মিছনেৰীজ অৱ চেৰিটি’ নামৰ সংস্থাটো গঠন কৰে। কলকাতাত ঘৰ ভাড়া লৈ বাটে-ঘাটে পৰি থকা, হস্পিতাল যাবলৈ সক্ষম নোহোৱা লোকক চিকিৎসা সেৱাত সহায় কৰিবলৈ আৰম্ভ কৰে৷
টেৰেছাৰ নেৃতৃত্বত চিকিৎসা লাভ নকৰা ৰোগীক বিচাৰিব আৰম্ভ কৰিলে৷ ৰোগীসকলক তেওঁলোকৰ কাৰ্যালয়লৈ আনি চিকিত্সা কৰিবলৈ আৰম্ভ কৰিলে৷ ১৯৫২ চনত পশ্চিম বংগৰ কালিঘাটত এটা ধৰমশালাও লৈ ‘নিৰ্মল হৃদয়’ নাম দি চিকিৎসা সেৱা আৰম্ভ কৰিলে। ৰোগীৰ সংখ্যা বাঢ়িল। উক্ত সময়তে নানা তৰহৰ ভুৱা খবৰ প্ৰচাৰ হোৱাত মাদাৰ টেৰেছাৰ কামত বাধা আহিল কিন্তু টেৰেছা আৰু সতীৰ্থই সকলো বাধা সহি হেলাৰঙে মানৱ সেৱা কৰি গ’ল৷
উক্ত সময়তে যিটো ধৰমশালাত চিকিৎসা কৰিবলৈ আৰম্ভ কৰিছিল তাৰ সমীপৰ কালিঘাট মন্দিৰৰ প্ৰধান পূজাৰীৰ পুত্ৰ কলেৰাত আক্ৰান্ত হয়৷ পূজাৰীৰ পুত্ৰক কোনেও চিকিৎসা কৰা নাছিল। কিন্তু মাদাৰ টেৰেছাই পূজাৰীৰ পুত্ৰক নিজ হাতেৰে তুলি নি চিকিত্সা কৰে। মাদাৰ টেৰেছাই কলকাতাৰ ৰাজপথৰ পৰা বুটলি আনি হাজাৰ হাজাৰ ৰোগীক চিকিত্সা কৰি সুস্থ কৰে। ২৯,০০০ ৰোগী সুস্থ হয়৷ অভাৱগ্ৰস্ত অনাথ শিশুৰ মংগলৰ বাবেও কাম কৰিবলৈ আৰম্ভ কৰিলে৷
চিকিত্সা আৰু সংস্থাপনৰ স্বাৰ্থত কলকাতাত আৰম্ভ কৰে ‘নিৰ্মল শিশু ভৱন’। নিৰ্মল শিশু ভৱনত হাজাৰ হাজাৰ শিশুক ৰাখি শিক্ষাদান কৰি মানুহ হোৱাৰ সুবিধা দিছিল। শিশুৰ সেৱাৰ বাবে বিদেশতো আশ্ৰয় গৃহ নিৰ্মাণ কৰিলে।
সমানে নাগৰিকক পাৰ্যমানে সহায়ৰ স্বাৰ্থত কুষ্ঠ, যক্ষ্মা, কলেৰা আৰু টাইফয়ড আদি ৰোগীৰ কাৰণে সুন্দৰ চিকিৎসা ব্যৱস্থা কৰিলে। সাধাৰণ পৰিয়ালে সহজতে চিকিত্সা সেৱা লাভ কৰিবলৈ সক্ষম হ’ল৷ আৰোগ্যও লাভ কৰিলে৷ কুষ্ঠ ৰোগীসকলক ‘শান্তি নগৰ’ নামেৰে ৩৪ একৰ মাটিত সেৱা আগবঢ়াইছিল৷
মাদাৰ টেৰেছাই সমগ্ৰ বিশ্বৰ দৰিদ্ৰ, খাটিখোৱা মানুহৰ বাবে বিশ্বত ৬০খন স্কুল, ২০০খনকতৈ বেছি চিকিৎসালয়, ৫৪খন কুষ্ঠাশ্ৰম, ২০ খনতকৈ বেছি অনাথ গৃহ, ৩৩৫খন চলন্ত ডিচপেনচাৰী, ২৮টা পৰিয়াল সেৱা কেন্দ্ৰ, এটা যক্ষ্মা ক্লিনিক, ৬খন দাঁন্তব্য চিকিৎসালয় আৰু অনেক কমাৰ্চিয়েল স্কুল স্থাপন কৰি বিশ্বত মানৱ সেৱাৰ অভিলেখ সৃষ্টি কৰি গৈছে৷ ২০০৮ চনলৈকে মুঠ ৪৩,০০০ কুষ্ঠৰোগী তেওঁৰ চিকিৎসালয়ত সেৱা লৈছে৷ ২০০০ শিশুৱে তেওঁৰ শিশুভৱনত আশ্ৰয় পাইছে৷ ১৬,০০,০০০ ৰোগীক তেওঁৰ ডিচপেনছাৰীয়ে চিকিত্সা কৰিছে।
মাদাৰ টেৰেছা মানৱ সেৱাৰ এনে শাখা-প্ৰশাখা বিশ্বৰ সকলো দেশতে আছে। টেৰেছাৰ সংস্থাত ২০০৮ চনলৈকে মুঠ ১৮০০ গৰাকী নাৰ্চ, ১৮৫ জন ব্ৰাদাৰ আৰু ৪০০ জন প্ৰশিক্ষাৰ্থী আছে। মিছনেৰী ব্ৰাদাৰ্ছ অৱ চেৰিটি আৰু ইণ্টাৰনেচনেল এছোচিয়েচন অৱ কোৱাৰ্কাছ অৱ মাদাৰ টেৰেছা নামৰ সেৱা বাহিনী আছে।
১৯৬৪ চনত পোপ পল নামৰ পোপগৰাকীয়ে টেৰেছাক বহু সহায় কৰিছিল৷ মানৱ সেৱা কৰিবৰ বাবে সহায় কৰিছিল পোপ পলে৷ পোপ পলে নিজ গাড়ীখন মাদাৰ টেৰেছাক উপহাৰ হিচাপে দিছিল৷ সেই গাড়ীখন প্ৰদৰ্শন কৰি টেৰেছাই এখন লটাৰি খেল চলাই। খেলৰ দ্বাৰা সংগ্ৰহ হোৱা অৰ্থৰে কুষ্ঠকেন্দ্ৰ নিৰ্মাণ কৰিছিল। ১৯৯৭ চনৰ ৫ ছেপ্তেম্বৰত কলকাতাত মৃত্যুক আকোৱালি লোৱা বিশ্ব মানৱৰ বাবে কাম কৰি টেৰেছাই অনেক খ্যাতি লাভ কৰে। মানৱ সেৱাৰ শ্ৰেষ্ঠ সন্মান মেগছেছে বঁটা লাভ কৰাৰ উপৰিও পোপ জন শান্তি বঁটা, গুড চামাৰিটান বঁটা আৰু জন কেনেডি আন্তৰ্জাতিক বঁটাও লাভ কৰিছে।
জৱাহৰলাল নেহেৰু পুৰস্কাৰ, টেম্পলটন পুৰস্কাৰ, মেটাৰেট মেগৰষ্ট্ৰা পুৰস্কাৰ আৰু চিৰিচ মেডেল সন্মানো লাভ কৰিছে। বিশ্বভাৰতীয়ে দেশীকোত্তম উপাধি প্ৰদান কৰাৰ লগতে ভাৰত চৰকাৰে পদ্মশ্ৰী আৰু ১৯৮০ চনত ভাৰত-ৰত্ন উপাধিৰে সন্মান যাচে। এইগৰাকী মাদাৰ টেৰেছাৰ আজি ওপজা দিন৷ অট্টোমান সাম্ৰাজ্যৰ এগনেছ গোনজা বোজাজিউত ১৯১০ চনৰ ২৬ আগষ্টত জন্মগ্ৰহণ কৰা টেৰেছাক আজি সমগ্ৰ বিশ্বই স্মৰণ কৰিছে৷ নিঃকিন, অসহায়, দুখীয়া আৰ্তজনক সহায়ৰ বাবে যেন তেওঁৰ জন্ম হৈছিল৷ পৃথিৱীৰ য’লৈকে গৈছিল তাত টেৰেছাই এটা বাৰ্তাই দিছিল যে প্ৰেম, ভালপোৱাৰ দি আনৰ যত্ন লোৱা৷
বিশ্ব মানৱ সমাজৰ চিৰ কল্যাণৰ হকে কাম কৰা বিশ্বৰ পৰিচিত নাৰী মাদাৰ টেৰেছাৰ ওপজা দিনটোক বিশ্বৰ বিভিন্ন ঠাইত বিভিন্ন ধৰণে পালন কৰে৷ মাদাৰ টেৰেছা ত্যাগ, শান্তি, ন্যায়ৰ আৰু মানৱতাৰ এক উদাৰহণ। টেৰেছাৰ আদৰ্শই সমাজৰ বঞ্চিত, অৱহেলিত লোকৰ হকে সকলাকে কাম কৰাৰ আগ্ৰহ প্ৰদান কৰক৷ অবাঞ্চিত তথা অৱহেলিতসকলৰ হকে কাম কৰি বিশ্ব ভাতৃত্বৰ প্ৰতীক হৈ পৰা শান্তি-সম্প্ৰীতিৰ ধ্বজাবাহক, মাতৃ টেৰেছাক ১১০তম জন্মবাৰ্ষিকীত আমিও একাজলি শ্ৰদ্ধাঞ্জলি যাচি স্মৰণ কৰিছো।