দক্ষিণ শালমাৰাঃ দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ ভাৰত-বাংলাদেশ সীমান্তৰ মানকাচৰত নিচাজাতীয় সামগ্ৰীসহ এজন বাংলাদেশী যুৱকক আটক কৰে আৰক্ষীয়ে। জানিব পৰা মতে, মানকাচৰৰ ফকিৰ ঘাট গাঁৱত মানকাচৰ আৰক্ষীয়ে আজি পুৱতি নিশা গোপন সূত্ৰৰ ভিত্তিত অভিযান চলাই বাংলাদেশী যুৱকজনক আটক কৰে। ফকিৰ ঘাটৰ নুৰুল আমিনৰ ঘৰৰ পৰা বাংলাদেশী যুৱকজনক আটক কৰেআৰক্ষীয়ে। আটকাধীন যুৱকজন মিলন মিয়া ওৰফে মিলন মণ্ডল(২৫) বুলি চিনাক্ত। বাংলাদেশী যুৱকজন বাংলাদেশৰ কুৰিগ্ৰাম জিলাৰ ৰৌমাৰী থানাৰ অন্তৰ্গত বগবান্ধা বেপাৰী পাৰা গাঁৱৰ মহম্মদ আলীৰ পুত্ৰ। মিলন মিয়া নামৰ বাংলাদেশী যুৱকজন কিছুদিন পূৰ্বে নুৰুল আমিনৰ ঘৰলৈ অহাৰ বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। আৰক্ষীয়ে নুৰুল আমিনৰ ঘৰৰ পৰা বাংলাদেশী ছিম কাৰ্ড, বৃহৎ পৰিমাণৰ বিলাতী সুৰাৰ বটল, R-7 নিচাজাতীয় সামগ্ৰী আৰু কোনটেইনাৰ উদ্ধাৰ কৰে।