March 28, 2023, 5:56 pm
শেহতীয়া খবৰ ▪️
শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ বকলীয়াঘাট আঞ্চলিক শাখাৰ ৬৫ সংখ্যক প্ৰতিনিধি সভা জামুগুৰিহাটৰ ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলন চিচুপানীত নিখিল বড়ো ছাত্ৰ সন্থাৰ অধিবেশন স্কুল অৱ ড্ৰামাৰ নিবেদন “দ্য চাইলেণ্ট কিলাৰ” মৰিয়নি বিহু সুৰক্ষা সমিতিৰ পঞ্চম দ্বিবাৰ্ষিক অধিবেশন আৰ্তজনৰ কাষত তিতাবৰ মহকুমা গ্ৰাম্য সাংবাদিক সংন্থা প্ৰধান মন্ত্ৰীৰ কৃষক সন্মান নিধি বিষয়ক সভা ৰাজধানী এক্সপ্ৰেছত জুই হোজাইৰ কপাহবাৰীত পথ দুৰ্ঘটনা বিটিচিত আজি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন কোকৰাঝাৰত হাগ্ৰামা মহিলাৰীৰ ভোটদান মন্ত্ৰী চন্দন ব্ৰহ্মৰ ভোটদান এনথৰক্স ৰোগত আক্রান্ত হৈ জয়পুৰ বৰ্ষাৰণ্যত হাতীৰ মৃত্যু তিনিচুকীয়াৰ ঢলা ছৈখোৱাত ঐতিহাসিক “বাবু পূজা” বেবেজীয়াত এ এছ আই প্ৰহ্লাদ নাথে ক্ষমতাৰ অপ-প্ৰয়োগেৰে জনতাক হাৰাশাস্তি দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিছোদিয়ালৈ চিবিআইৰ চমন সৰুপথাৰত নিৰ্মীয়মান কোটি টকীয়া মুকলি মঞ্চ পৰিদৰ্শন বিধায়ক বিশ্বজিৎ ফুকনৰ বাল্যবিবাহত পক্‌ছ’ লগোৱাক লৈ আদালতৰ ভৰ্ৎসনাঃ অভিযুক্তৰ বিৰুদ্ধে পক্‌ছ’ কিয় বুলি অসম আৰক্ষীক প্ৰশ্ন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ২৩ ফেব্ৰুৱাৰীত পুনৰ জে’ললৈ যাব অখিল গগৈ! অখিল গগৈৰ বিৰুদ্ধে আকৌ চলিব গোচৰ, নিয়াৰ আদালতত চলিব গোচৰ আকৌ বজাৰত মূৰ তুলিছে আদানিয়ে, শ্বেয়াৰ মাৰ্কেট স্থিৰ ডাঙৰ চহৰত সৰু কথাতে মানুহক হত্যা, ৫৬ বছৰীয়া লোকক মৰিয়াই নৃশংস হত্যা গ্ৰাহকৰ মূৰত বাঢ়িল ঋণৰ বোজাঃ ৰিজাৰ্ভ বেংকৰ ৰেপোৰেট ৬.৫ শতাংশলৈ লৈ বৃদ্ধি AIUDFৰ বিধায়কৰ আশ্ৰাফুল হুছেইনৰ বিৰুদ্ধে যুৱতীক অপহৰণৰ অভিযোগ ৰাজ্যবাসীৰ বাবে ভাল খবৰ ,অসমৰ আকাশত ন বিমান সংযোগঃ উৰিব পৱন হংস

মাথো এবছৰ পূৰ্বে নিৰ্মিত নগাঁৱৰ ডুমডুমীয়া-বালিসত্ৰ গড়কাপ্তানী পথৰ বিধ্বস্ত অৱস্থা

Reporter Name
  • Update Time : Monday, August 24, 2020
  • 100 Time View

বেবেজীয়াঃ নগাঁও জিলাৰ উত্তৰ-পশ্চিম প্ৰান্তৰ অতি গুৰুত্বপূৰ্ণ নগাঁও-ডুমডুমীয়া-বালিসত্ৰ সংযোগী গড়কাপ্তানী পথটো বৰ্তমান ঠায়ে ঠায়ে কৃত্ৰিম বানৰ কৱলত পৰা পৰিলক্ষিত হৈছে। মহাপুৰুষ শ্ৰীমন্ত শংকৰ দেৱৰ স্মৃতি বিজড়িত শ্ৰী শ্ৰী নৰোৱা বালিসত্ৰ আৰু শ্ৰী শ্ৰী ওপৰ ডুমডুমীয়া সত্ৰ সংযোগী পথটোৰ কদৰ্যময় ৰূপে অঞ্চলবাসীক যমৰ যাতনা ভোগাইছে।

আশ্চৰ্যজনক কথাটো হ’ল এই যে পথটো যোৱা বছৰ মেৰামতি কৰা হৈছিল যদিও মেৰামতিৰ কিছু দিনৰ পিছতে ঠায়ে ঠায়ে জহি খহি যোৱাত যাতায়াত কৰাত জীয়াতু ভূগিব লগা হৈছে ৰাইজে। তথাপি কানসাৰ নাই বিয়াগোম গড়কাপ্তানী বিভাগৰ লগতে পৰিৱৰ্তন কামী বিজেপি চৰকাৰৰ স্থানীয় জনপ্ৰতিনিধিৰ। তদুপৰি সম্প্ৰতি পথটোৰ দুয়ো কাষে জধে-মধে অবিজ্ঞান সন্মত ভাবে গঢ়ি উঠা বৃহৎ বৃহৎ পুখুৰীসমূহে পথটোৰ প্ৰতি চৰম ভাবুকি কঢ়িয়াই আনিছে।

স্থানীয় এচাম লোকে একমাত্র ব্যক্তিগত মুনাফা লাভৰ বাবে পথৰ কাষলৈকে পুখুৰী খন্দাত পথটোৰ কাষবোৰ দিনে দিনে খহি যোৱাত চিন্তিত হৈ পৰিছে স্থানীয় লোক। এই ক্ষেত্ৰত গড়কাপ্তানী বিভাগক ৰাইজে বিগত সময়ছোৱাত অৱগত কৰি আহিছে যদিও এই পৰ্যন্ত কোনো পদক্ষেপ গ্ৰহণ নকৰাত ৰাইজৰ মাজত ক্ষোভৰ সৃষ্টি হৈছে৷

ইফালে, পথটোৰ দুই পাৰে থকা বালিসত্ৰৰ দ পথাৰ খনৰো বহু হেক্টৰ কৃষি ভূমিৰ খেতিবাতি বৰ্তমান পানীৰ তলত বুৰ যোৱা দেখিবলৈ পোৱা গৈছে। তথাপিও বৃহত্তৰ অঞ্চলটোৰ ৰাইজৰ এনে সীমাহীন দুখ দুৰ্গতিৰ বিষয়ে বুজ লবলৈ আহৰি নাই ৰজা ঘৰৰ লগতে কৃষি বিভাগ আৰু গড়কাপ্তানি বিভাগৰ৷

🔹 বাতৰিটো ভাল পালে শ্বেয়াৰ কৰক

◼️ তলৰ বাতৰিসমূহো পঢ়িব পাৰে