মাণিকপুৰঃ চিপিআইএমৰ ৰাজ্যিক কমিটিৰ আহ্বান মৰ্মে মাণিকপুৰ লোকেল কমিটিয়ে বুধবাৰে বিভিন্ন দাবীৰে মাণিকপুৰত বিক্ষোভ সমদল বাহিৰ কৰে।
চিপিআইএমৰ মাণিকপুৰ কাৰ্যালয়ৰ পৰা খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়লৈ সমদল কৰাৰ অন্তত প্ৰতিবাদকাৰীসকলে খণ্ড উন্নয়ন বিষয়াৰ জৰিয়তে বিজেপিৰ স্বেচ্ছাচাৰী শাসনৰ বিৰুদ্ধাচৰন কৰি ১৯ দফীয়া দাবী সম্বলিত এখন স্মাৰক পত্ৰ অসমৰ মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰে।
চিপিআইএমৰ সদস্যসকলে আয়কৰৰ আওতাত নপৰা সকলো পৰিয়ালক অতিশীঘ্ৰে মাহিলী ৭৫০০ টকাকৈ আগন্তুক ৬ মাহলৈ নগদ ধন প্ৰদান কৰা,
চৰকাৰে জনবিৰোধী আৰ্থিক নীতি গ্ৰহণ কৰি দেশী-বিদেশী পুঁজিপতি কৰ্পৰেট গোষ্ঠীক শোষণ লুন্ঠনৰ সুযোগ দি জনজীৱন বিপৰ্যস্ত কৰি তোলা, বাহিৰা ৰাজ্যত কৰ্মৰত হৈ থকা লোক সকলক জব কাৰ্ডৰ জৰিয়তে ভাট্টা প্ৰদান কৰা আদি কৰি বিভিন্ন দাবীৰে এই প্ৰতিবাদী আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰে।