বোকাজানঃ অসম-নগালেণ্ড সীমান্তৱৰ্তী এলেকাত ড্ৰাগছৰ সৰবৰাহৰ ঘটনা ব্যাপক হাৰত বৃদ্ধি পাবলৈ লোৱাৰ বিপৰীতে আৰক্ষীয়েও ড্ৰাগছ সৰবৰাহকাৰী চক্ৰৰ বিৰুদ্ধে ব্যাপক অভিযান অব্যাহত ৰখাৰ ফলত নিতৌ বুজন পৰিমাণৰ নিচাযুক্ত সামগ্ৰীৰ লগতে আৰক্ষীৰ জালত পৰিছে ভালেকেইটা ড্ৰাগছৰ অবৈধ সৰবৰাহকাৰী।
আজি পুৱাও ডিমাপুৰ-মাঞ্জা পথত কাৰ্বি আংলং আৰক্ষীৰ জালত পৰিল বৃহৎ পৰিমাণৰ নিষিদ্ধ ড্ৰাগছসহ তিনিজন মণিপুৰী যুৱক। ঘটনাৰ বিৱৰণী অনুসৰি এক বিশেষ সূত্ৰে পোৱা তথ্যৰ ভিত্তিত উপ-আৰক্ষী অধীক্ষক (মুখ্য) নাহিদ কৰিশ্মা আৰু মাঞ্জা থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া জিতুমণি ডেকাৰ নেতৃত্বত আজি পুৱা প্ৰায় ৫.৩০ বজাত মাঞ্জা আৰক্ষী চেক প’ষ্টত চলোৱা নিয়মীয়া তালাচীৰ সময়ত আৰক্ষীয়ে এখন ট্ৰাকৰ পৰা উদ্ধাৰ কৰে নিষিদ্ধ ড্ৰাগছখিনি।
মণিপুৰৰ পৰা গুৱাহাটী অভিমুখী এএছ-০১-কেচি-১৩৮৪ নম্বৰৰ ছয় চকীয়া ট্ৰাকখনৰ নথি-পত্ৰসহ গাড়ীখনত তালাচী চলোৱাত লুকুৱাই অনা অৱস্থাত প্ৰতিটো পেকেটত ২০০টা য়াবা টেবলেটসহ ৭৫টা সৰু প্লাষ্টিকৰ পেকেটৰ লগতে প্ৰতিটো পেকেটত ১৩/১৫ গ্ৰামকৈ ব্ৰাউন চুগাৰসহ অন্য ৬৮ টা পেকেটো আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হয়। ড্ৰাগছখিনিৰ আন্তঃৰাষ্ট্ৰীয় বজাৰ মূল্য প্ৰায় ৫ কোটি টকা হোৱাৰ লগতে আটকাধীন যুৱক দুজন মণিপুৰৰ মহম্মদ ছয়িদ আৰু মহম্মদ চানিফ খান বুলি আৰক্ষী সূত্ৰে প্ৰকাশ। ঘটনাৰ লগত জড়িত গাড়ীখনৰ চালক মণিপুৰৰে চাগিৰ খান (২২)কো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি অধিক তথ্যৰ বাবে আটাইকে জেৰা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে৷