গহপুৰৰ পৰা অমৰজ্যোতি ৰয়ঃ গহপুৰৰ সোলেঙীত বুধবাৰে নিশা এক ভয়ংকৰ পথ দুৰ্ঘটনাত এগৰাকী লোকে প্ৰাণ হেৰুৱাই। ট্ৰাক-বাইকৰ মুখা-মুখি সংৰ্ঘষৰ ফলত থিতাতে নিহত হয় বাইক আৰোহী। নিহত লোক জনৰ নাম বিপুল ভূঞাঁ। গহপুৰ APDCLৰ অস্থায়ী কৰ্মচাৰী আছিল বিপুল ভূঞাঁ। কৰ্মক্ষেত্ৰ পৰা নিজা বাসগৃহ বৰদোপলৈ গৈ থকা অৱস্থাতে লক্ষীমপুৰ দিশৰ পৰা গুৱাহাটী অভিমুখী আহি থকা UP-53 GT-5637 নম্বৰৰ ট্ৰাকখনৰ সৈতে মুখামুখি সংৰ্ঘষ হোৱাৰ ফলত থিতাতে প্ৰাণ হেৰুৱাই বিপুল ভূঞাঁই৷ ট্ৰাকখন গহপুৰ আৰক্ষীয়ে জব্দ কৰাৰ লগতে চালকক আটক কৰে।