উপ-নিৰ্বাচন অনুষ্ঠিত হৈ যোৱা মাজুলী সমষ্টিত পুৱাৰে পৰা ভোটগণনা আৰম্ভ হৈছে৷ ভোটগণনা শেহতীয়া ফলাফল অনুসৰি প্ৰায় ২০ হাজাৰ ভোটত আগবাঢ়িছে বিদেপিৰ প্ৰাৰ্থী ভূৱন গাম৷ অসম জাতীয় পৰিষদৰ চিত্তৰঞ্জন বসুমতাৰীয়ে ১১৬৯৫টা ভোট লাভ কৰিছে৷ ভূৱন গামে ৩২ হাজাৰ ১২৯টা ভোট লাভ কৰিছে৷