পাপু বৰা, মাজুলীঃ মাজুলী-যোৰহাটৰ মাজত নিৰ্মাণ হ’বলগীয়া দলঙৰ আধাৰশিলা স্থাপন কৰি আজলৈ নিৰ্মাণ কাৰ্য আৰম্ভ নোহোৱাত কেন্দ্ৰ-ৰাজ্য চৰকাৰৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ ব্যক্ত কৰিছে মাজুলীবাসীয়ে৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০১৪ চনত ৰাজ্যত কংগ্ৰেছৰ চৰকাৰ চলি থকাৰ সময়ত তেতিয়াৰ বিৰোধী দলৰ নেতা সৰ্বানন্দ সোণোৱালৰ সৈতে মাজুলীলৈ আহি এখন নতুন দলং নিৰ্মাণ কৰাৰ কথা ঘোষণা কৰিছিল।
যোৱা বিধানসভাৰ নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত কোনো ধৰণৰ প্ৰাককলন প্ৰস্তুত নকৰাকৈয়ে কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নিতিন গাডকাৰীয়ে তদানীন্তন কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উপস্থিতিত মাজুলী-যোৰহাট দলঙৰ আধাৰশিলা স্থাপন কৰাৰ পিছতো কিয় দলং নিৰ্মাণৰ কাম আৰম্ভ নহল বুলি প্ৰশ্ন উত্থাপন কৰিছে মাজুলীবাসীয়ে৷
মাজুলীবাসীৰ মৌলিক অধিকাৰ সদৃশ মাজুলী-যোৰহাট সংযোগী দলঙৰ অভাৱত অত্যন্ত ক্ষোভিত হৈ পৰিছে মাজুলীবাসী৷ বান বিভীষিকাৰ সময়ত দলঙৰ কথা সোঁৱৰাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে সেয়া নিৰ্বাচনী টোপ দিছিল বুলি কৈ কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে ৪ বছৰৰ পূৰ্বে দৰিয়াপাৰত আধাৰশিলা স্থাপন কৰা মাজুলী-যোৰহাটৰ পকী দলংখন কিয় নিৰ্মাণ নহ’ল বুলি ক্ষোভিত হৈ পৰিছে মাজুলীবাসী৷
প্ৰতিশ্ৰুতি দি কেৱল মাজুলীবাসীৰ ভোট আদায় কৰি মুখ্যমন্ত্ৰীৰ পদত অধিষ্ঠিত সৰ্বানন্দ সোণোৱালে ডিপিআৰৰ দোহাই দি দলঙখনৰ কথা এৰাই চলাই বুলি অভিযোগ উত্থাপন হৈছে৷ মাজুলীবাসীৰ এই আশাক চৰকাৰে খনে তচ-নচ কৰি বাৰমাহত তেৰবাৰকৈ ফেৰীসেৱা বন্ধ কৰি বহিঃজগতৰ লগত সংযোগ বিচ্ছিন্ন কৰে পৃথিৱীৰ বৃহত্তম জনবসতিপূৰ্ণ নদীদ্বীপটোক৷ মাজুলীৰ উন্নয়নত চৰকাৰ ব্যৰ্থ হোৱা বুলি অভিযোগ মাজুলীবাসীৰ৷
জাতি-মাটি-ভেটিৰ শ্ল’গান আওৰোৱা চৰকাৰখনে মাজুলীক জিলা ঘোষণা কৰিয়েই উন্নয়নৰ ঢাক-ঢোল বজাই প্ৰথমখন ৱাই-ফাই ফ্ৰি জিলা কৰিব খুজিছিল যদিও মাজুলীত ৱাই-ফাইৰ সুবিধা আজিকোপতি নাপালে বুলি কয় মাজুলীবাসীয়ে৷
কাৰিকৰীভাৱে উন্নত বুলি দাবী কৰি প্ৰদান কৰা ৰ’-ৰ’ ফেৰীয়ো এই বান দুৰ্যোগ বৰ্তমান ৰহস্যজনকভাৱে অচল৷ চি প্লেন, ব্ৰহ্মপুত্ৰ এক্সপ্ৰেছ হাইৱে, অফলামুখ ফেৰী টাৰ্মিনেল, বৈজ্ঞানিক পদ্ধতিৰে মাজুলীৰ সুৰক্ষা আদি প্ৰতিশ্ৰুতিবোৰ এতিয়া কেৱল ধোঁৱাচাঙত৷ সেয়েহে সামগ্ৰিক ভাৱে মাজুলীক চৰকাৰী ভাৱে কৰা বঞ্চনাত ক্ষোভিত হৈ পৰিছে মাজুলীবাসী৷
মাজুলী স্বাস্থ্যখণ্ডৰ পয়ালগা অৱস্থাৰ বাবে সময়মতে নদী পাৰ হ’ব নোৱাৰি বহুজনে মৃত্যুক আকোৱালি লোৱা বুলি অভিযোগ উত্থাপন কৰিছে ৰাইজে৷ তিনিদিন পূৰ্বে অফলামুখ ফেৰীঘাটত পৰি নিখোজ হোৱা এগৰাকী মহিলা এতিয়াও সন্ধানহীন৷