মাজুলীঃ মাজুলীত ক’ৰোনাত আক্ৰান্ত এগৰাকী লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে৷ মাজুলীৰ পহুমৰাৰ বিষ্ণু বিশ্বাস নামৰ ৫৬ বছৰীয়া লোকজন গড়মুৰ পিতাম্বৰদেৱ অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত মৃত্যুক আকোৱালি লয়৷
জানিব পৰা মতে, পহুমৰাৰ বিষ্ণু বিশ্বাস মঙলবাৰে হঠাতে শ্বাস-প্ৰশ্বাসত কষ্ট অনুভৱ কৰাত পৰিয়ালৰ লোকে ততাতৈয়াকৈ গড়মুৰ পিতাম্বৰদেৱ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে৷ তাৰ পিছতে লোকজনৰ চিকিৎসাধীন অৱস্থাত মৃত্যু হয়৷
মাজুলীৰ স্বাস্থ্য বিভাগে সাংবাদিকক অৱগত কৰা মতে, মৃত্যুৰ পিছত বিশ্বাসৰ কোভিড পৰীক্ষা কৰা হৈছিল আৰু পজিটিভ ধৰা পৰে৷ মৃত্যুৰ পিছত লোকজনৰ শৰীৰত কোভিড ধৰা পৰাত চিন্তিত হৈ পৰিছে নাগৰিক৷