লিজা দাস, গোলাঘাটঃ থলুৱা মাছৰ সংৰক্ষণ আৰু বংশ বৃদ্ধিৰ দোহাই দি চৰকাৰে প্ৰতিবছৰে এটা নিৰ্দিষ্ট সময় মৎস্য চিকাৰ কাৰ্য বন্ধ কৰি ৰাখে৷ এপ্ৰিলৰ পৰা মাছমৰীয়াসকলক মাছ ধৰা কাৰ্য বন্ধ ঘোষণা কৰিছে। প্ৰজনন ঋতুৰ বাবে এপ্ৰিলৰ মাহৰ জুলাই মাহলৈ প্ৰতিবছৰৰ দৰেই এইবেলিও বাৰ্ষিক মৎস্য চিকাৰ নিষিদ্ধকৰণ কৰে। মটৰ চালিত নতুবা যন্ত্ৰচালিত সৰু-ডাঙৰ নাঁৱৰ চলাচল নিষিদ্ধ কৰে মীন বিভাগে। মাছৰ বংশ বৃদ্ধি আৰু সংৰক্ষণৰ বাবে মাছ ধৰা কাৰ্য বন্ধ ৰখাৰ ঘোষণা কৰিয়েই দায়িত্ব সামৰিছে নেকি মীন বিভাগে৷ কেৱল নিষিদ্ধ ঘোষণা কৰিয়েই বাঃ বাঃ লব খোজা মীন বিভাগৰ চকুৰ সন্মুখতে অনায়াসে মৎস্য চিকাৰ কৰা হৈছে যদিও মাছমৰীয়াক ধৰিবলৈ কোনো নাই৷
এইখিনি সময়ত জলাশয়সমূহত মৎস্য চিকাৰ বন্ধ কৰাৰ পিছতো গোলাঘাট জিলাত এনে নিয়মক কেৰেপ নকৰি অনায়াসে মৎস্য চিকাৰ কৰি গৈছে একাংশ লোকে৷ গোলাঘাট জিলা মীন বিভাগৰ অধীনস্থ ধনশিৰি নৈৰ দাতিৰ ৰঙাজান কোৰোকা বিলত এতিয়া মাছ মৰাৰ উজান উঠিছে। একাংশ লোকে বিলখনত মাছ মাৰি বিক্ৰী কৰি আহিছে৷ ধৰোতা কোনো নাই৷ একাংশ লোকে দীৰ্ঘদিন ধৰি নিতৌ মাছ ধৰি অহা বুলি কয় খোদ মহলদাৰগৰাকীয়ে। জিলা মীন বিভাগক অৱগত কৰাৰ পিছতো কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰা বুলি অভিযোগ উত্থাপন হৈছে৷ মাছৰ বংশ বৃদ্ধি তথা সংৰক্ষণ এই সকলো এক ভুৱা শ্ল’গানত পৰিণত কৰি গোলাঘাটৰৰ ৰঙাজান কোৰোকা বিলত দিন-দুপৰতে থলুৱা মাছ চিকাৰ কৰি গৈছে একাংশ লোকে৷ মুকলিকৈ বিলত মাছধৰা কাৰ্য বন্ধ কৰাত মীন বিভাগ এশ শতাংশই বিফল হৈছে বুলি কয় স্থানীয় ৰাইজে৷ ৰাইজে ৰঙাজান বিলৰ মৎস্য চিকাৰ বন্ধ কৰিবলৈ মীন বিভাগক দাবী জনায়৷