অসমৰ নদী সমূহত ডলফিন ক্ৰমে বিলুপ্ত হ’ব ধৰাৰ সময়তে আজি পহুমাৰা নৈত মৃত ডলফিন উদ্ধাৰৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ বৰপেটা জিলাৰ পহুমাৰা নৈত পানীমৰিচা গাঁৱত গাঙ্গেতিক ডলফিনৰ মৃতদেহ ওপঙি থকা অৱস্থাত আজি পুৱা একাংশ লোকে প্ৰত্যক্ষ কৰে৷ স্থানীয় লোকে মৃত ডলফিন প্ৰত্যক্ষ কৰে বন বিভাগক অৱগত কৰে। বন বিভাগৰ লোকে আৰণ্যক এনজিঅ’ৰ সহায়ত মৃত ডলফিনটো উদ্ধাৰ কৰে মৃত্যু কাৰণ উদ্ধাৰৰ বাবে পৰীক্ষা-নিৰীক্ষা কৰে৷ প্ৰায় ৭০ কেজি ওজনৰ মতা শিহুটো উদ্ধাৰ ৰাষ্ট্ৰীয় উদ্যাৰ পশু বিশেষজ্ঞই মৃত মৰণোত্তৰ পৰীক্ষা কৰি মাছমৰীয়াৰ জালত লাগি মৃত্যু হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে৷