আন এগৰাকী পৰ্বতাৰোহীয়ে অসমলৈ সুনাম কঢ়িয়াই আনিছে৷ পৰ্বতাৰোহী হেদায়েৎ আলীয়ে সুউচ্চ মাউণ্ট এভাৰেষ্ট সফলতাৰে আৰোহণ কৰি অসমলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে৷ আমেৰিকা যুক্তৰাষ্ট্ৰৰ বাসিন্দা তথা গুৱাহাটী মহানগীৰৰ সমীপৱৰ্তী হাজোৰ দামপুৰৰ সন্তান হেদায়েৎ আলীয়ে বৃহস্পতিবাৰে পুৱা প্ৰায় ৭ বাজি ৩০ মিনিটত এভাৰেষ্টৰ শীৰ্ষত আৰোহণ কৰি বিশেষ সফলতা অৰ্জন কৰে৷ এই অভিনৱ সুখ্যাতি অৰ্জন কৰা হেদায়েৎ অসমৰ অষ্টম পৰ্বতাৰোহী। ইয়াৰ পূৰ্বে হেনৰী ডেভিদ ইংটি, তৰুণ শইকীয়া, মনীষ ডেকা, খোৰচিং টেৰন, নব কুমাৰ ফুকন, নন্দ দুলাল দাস আৰু কুনচুক টেম্পাই সফলতা অৰ্জন কৰিছে৷ তালিকাত নাম সাঙোৰ খালে হেদায়েতৰ৷ গোৱালপাৰাস্থিত সৈনিক স্কুলৰ ছাত্ৰ আৰু যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ স্নাতক ডিগ্ৰী হেদায়েৎ আলী বৰ্তমান আমেৰিকা যুক্তৰাষ্ট্ৰৰ এটা ব্যক্তিগত কোম্পানীত অভিযন্তা হিচাপে কৰ্মৰত। হেদায়েৎ আলীয়ে সতীৰ্থ পৰ্বতাৰোহীৰ সৈতে দক্ষিণ আমেৰিকাৰ মাউণ্ট এলব্ৰুছ, আফ্ৰিকাৰ শৃংগ কিলিমাঞ্জাৰো পৰ্বত আৰোহণ কৰিছে৷ অসমৰ হেদায়েৎ আলীয়ে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ১১ সহ পৰ্বতাৰোহীৰ সৈতে এভাৰেষ্ট জয়ৰ অভিযান চলাইছিল। ২০১৯ চনত এভাৰেষ্ট জয়ৰ চেষ্টা চলাইছিল যদিও মহামাৰীৰ বাবে অভিযান ব্যৰ্থ হয়।