টীয়ক: মাইক্ৰ’ফাইনেন্সৰ বিৰুদ্ধে টীয়কত উত্তাল প্ৰতিবাদ। বিভিন্ন মাইক্ৰ’ফাইনেন্সকে ধৰি সকলো ক্ষুদ্ৰ ঋণ চৰকাৰে মাফ কৰা,মাইক্ৰ’ফাইনেন্সৰ শোষণ অত্যাচাৰ বন্ধ কৰা,প্ৰচেচিং চাৰ্ভিচ টেস্ক ৰিচিভ আৰু ঋণদাতাসকলক অতি শীঘ্ৰেই ইঞ্চুৰেন্স পলিচি প্ৰদান কৰাৰ দাবীৰে টীয়কৰ বন্ধন গোটৰ কাৰ্যালয়ত সদৌ অসম চাহ জনগোষ্ঠী অধিকাৰ সংগ্ৰাম সমিতি, সন্মিলিত নাৰী অধিকাৰ সংগ্ৰাম সমিতি আৰু মাইক্ৰ’ফাইনেন্স শোষণ বিৰোধী সংগ্ৰামী মঞ্চৰ উদ্যোগত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয়।
প্ৰায় শতাধিক পুৰুষ মহিলাই অংশগ্ৰহণ কৰা এই প্ৰতিবাদত মাইক্ৰ’ফাইনেন্স বন্ধ কৰক,কৃস্তি তোলা বন্ধ কৰক আদি শ্ল’গানে উত্তাল কৰি তোলে সমগ্ৰ পৰিবেশ।কৃস্তি তুলিবলৈ যোৱা এজেন্টসকলৰ ব্যৱহাৰৰ ওপৰতো প্ৰশ্ন উত্থাপন কৰে প্ৰতিবাদীসকলে লগতে এনেকুৱা বহিৰাগত ফাইনেন্স কোম্পানীবোৰক নাকি লগাবলৈ চৰকাৰ দাবী জনায়।
উল্লেখযোগ্য যে প্ৰতিবাদী কাৰ্যসূচী চলি থকাৰ অৱস্থাতে বন্ধন গোটৰ দুই কৰ্মচাৰীৰে প্ৰতিবাদকাৰীৰ খণ্ড যুদ্ধত লিপ্ত হৈ উতপ্ত পৰিস্থিতিৰ সৃষ্টি হয় যদিও পৰৱৰ্ত্তী সময়ত আৰক্ষীৰ উপস্থিতত সংগ্ৰামী ছাত্ৰ নেতা লক্ষ্মণ চাওৰাৰ সহযোগত ঘটনাটো মিমাংসা হয়।