অসম বনবিভাগৰ সৰ্বোচ্চ পদৰ নিযুক্তিত অনিয়মৰ আকাংক্ষা প্ৰকাশ সদৌ অসম উন্নয়ন পৰিষদৰ। অসম আৰু অসমীয়াৰ আৰ্থ সামাজিক উন্নয়নৰ বাবে কাম কৰি অহা তথা দুৰ্নীতিৰ বিৰুদ্ধে সবল স্থিতি গ্ৰহণ কৰি অহা অসম উন্নয়ন পৰিষদে আগন্তুক পিচিচিএফ এণ্ড হফ নিযুক্তিত অনিয়ম সংঘটিত হ’ব বুলি আশংকা প্ৰকাশ কৰিছে। এক বিবৃতি যোগে পৰিষদৰ সভাপতি মৌচুম কুমাৰ উজীৰে কয় যে ৰাজনৈতিক ক্ষমতাৰে বলিয়ান বিভিন্ন অভিযোগেৰে অভিযুক্ত আইএফএছ বিষয়া মহেন্দ্ৰ কুমাৰ যাদৱ নতুন পিচিচিএফ এণ্ড হফ হিচাপে নিযুক্তি লাভ কৰিব বুলি আশংকা কৰিছে। যিটো অসমৰ বাবে দুৰ্ভাগ্যজনক হ’ব বুলি উল্লেখ কৰি পৰিষদৰ সভাপতি মৌচুম কুমাৰ উজীৰে কয় যে সততে অন্যায়, ভ্ৰষ্টাচাৰ, দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ কথা কোৱা চৰকাৰে দুৰ্নীতিগ্ৰস্ত বিষয়া হিচাপে বিভিন্ন অভিযোগেৰে অভিযুক্ত বৰ্তমান সময়ত মুখ্য বন সংৰক্ষক হিচাপে কৰ্মৰত এম কে যাদৱ নামৰ আইএফএছ বিষয়াগৰাকীয়ে বনবিভাগৰ সৰ্বোচ্চ পদত অধিষ্ঠিত হবলৈ গৈ আছে। যিটো একপ্ৰকাৰে লজ্জাজনক বুলি উল্লেখ কৰি শীঘ্ৰে দুৰ্নীতিৰ বিৰুদ্ধে জেহাদ ঘোষণা কৰা মূখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপ বিচাৰিছে পৰিষদৰ সভাপতি মৌচুম কুমাৰ উজীৰে। সভাপতি উজীৰে কয় যে যিজন এম কে যাদৱে কাজিৰঙা অভয়াৰণ্যৰ সঞ্চালক হৈ থকা দুবছৰীয়া সময়ছোৱাত ৪৪টা গঁড় চোৰাং চিকাৰী তথা অন্যান্য কাৰণত মৃত্যু হোৱাৰ অসমৰ ইতিহাসত অভিলেখ আছে সেইজন এতিয়া ৰাজনৈতিক নেতাৰ আশীষধন্য হৈ মুখ্য বন সংৰক্ষক হিচাপে নিযুক্তি পাবলৈ গৈ আছে যিটো আমাৰ বাবে শুভলক্ষণ নহয়। এম কে যাদবৰ বিৰুদ্ধে ভাৰত চৰকাৰ তথা কোনো বিভাগীয় অনুমোদন নোহোৱাকৈ কাজিৰঙাৰ বিশেষ এলেকা এটা নিজ খেয়াল খুছিৰে Eco Sensative Zone হিচাপে ঘোষণা কৰি দুৰ্নীতি কৰাৰ গুৰুতৰ অভিযোগ আছে সেইগৰাকী বিভাগীয় নীতি-নিৰ্দেশনা পালন নকৰা বিষয়াক বন বিভাগৰ মুৰব্বী পদত অধিষ্ঠিত কৰিবলৈ যোজা চলিছে। এইগৰাকী এম কে যাদবৰ বিৰুদ্ধেই কাজিৰঙা এলিফেণ্ট কৰিডৰত একাংশ দুষ্কৃতিকাৰীক ভুমি বেদখলৰ সুযোগ দিয়াৰ অভিযোগ আছে। কাজিৰঙাৰ এলিফেণ্ট কৰিডৰত হোৱা বেদখলৰ উচ্ছেদ কৰিবলৈ উচ্চতম ন্যায়ালয়ে নিৰ্দেশনা দিছিল যদিও সেই নিৰ্দেশনা সম্পূৰ্ণ পালন নকৰাৰ বাবে এখেতে ন্যায়ালয়ৰ ৰোষত পৰাৰ অভিযোগ আছে৷ যিটো ইতিমধ্যে বিভিন্ন সংবাদ মাধ্যমত প্ৰকাশ হৈ গৈছে। ইয়াৰ পিছতো কাজিৰঙা এলিফেণ্ট কৰিডৰত হোৱা বেদখল আজিলৈকে সম্পূৰ্ণ উচ্ছেদ নোহোৱাত বৰ্তমানো সেয়া ন্যায়ালয়ৰ গোচৰাধীন হৈ আছে বুলি জানিব পৰা গৈছে। আইন উলংঘাকাৰী হিচাপে অভিযুক্ত এইগৰাকী ব্যক্তিকে এতিয়া বন বিভাগৰ মুৰব্বী পদত অধিষ্ঠিত কৰিব বিচৰা কাৰ্যক আমি ধিক্কাৰ দিছো। ইয়াৰ উপৰিও এখেত এমন্ত্ৰনৰ মুৰব্বী হিচাপে থকা সময়ত কেইবাকোটি টকাৰ কেলেংকাৰী হোৱা খবৰ ইতিমধ্যে অসমৰ সংবাদ মাধ্যমত প্ৰকাশ হৈ গৈছে। আনকি এওঁৰ কাৰ্যকালত এমন্ত্ৰনৰ গাননিক বিষয়া হিচাপে কৰ্মৰত অজিত চেতিয়াৰ হত্যাকাণ্ডও এক ৰহস্যৰ বিষয় হৈ আছে। যিজন ব্যক্তিৰ বিৰুদ্ধে অত এগাল অভিযোগ আছে এতিয়া সেইজন দুৰ্নীতিত অভিযুক্ত বিষয়াৰ নাম বন বিভাগৰ মুৰব্বী পদৰ বাবে মনোনীত হোৱাটোৱেই দুৰ্ভাগ্যজনক। যিটো আমি দুৰ্নীতিৰ বিৰোধী সংগঠন হিচাপে ধিক্কাৰ প্ৰদান কৰিছোঁ বুলি উল্লেখ কৰে সভাপতি মৌচুম কুমাৰ উজীৰে। ইয়াৰ উপৰিও দুৰ্নীতিৰ বিৰুদ্ধে জেহাদ ঘোষণা কৰা মূখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক এইজন বিভিন্ন কেলেংকাৰীত অভিযুক্ত এম কে যাদবৰ নাম পিচিচিএফৰ দৰে বনবিভাগৰ সৰ্বোচ্চ পদৰ পৰা আতৰাই তেওঁৰ বিৰুদ্ধে শীঘ্ৰেই বিভাগীয় তদন্ত ঘোষণা কৰিবৰ বাবে আহ্বান জনাই সদৌ অসম উন্নয়ন পৰিষদৰ সভাপতি মৌচুম কুমাৰ উজীৰৰ লগতে সম্পাদক জয়ন্ত গগৈয়ে।