কামপুৰৰ পৰা ৰূপজ্যোতি ভূঞাঃ ৰাইজে আৰক্ষীক অভিযোগ দিয়াৰ পিছতো এগৰাকী মহিলাক গ্ৰেপ্তাৰ নকৰাত কচুৱা আৰক্ষী থানাৰ প্ৰতিবাদ সাব্যস্ত কৰে।আনোৱাৰা বেগম নামৰ মহিলাগৰাকী সমাজ বিৰোধী কাৰ্যত লিপ্ত থকাৰ অভিযোগ উত্থাপন কৰি কচুৱা আৰক্ষী থানাত গোচৰ ৰুজু কৰিছিল একাংশ লোকে। কচুৱা আৰক্ষী থানাৰ অন্তৰ্গত লুটুমাৰী বৰগাঁৱৰ আনোৱাৰা বেগম নামৰ মহিলাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ আনি আজি গাঁওখনৰ একাংশ পুৰুষ-মহিলা প্ৰতিবাদ কৰে। ১৫ ফেব্ৰুৱাৰীত মহিলাৰ বিৰুদ্ধে কচুৱা থানাত গোচৰ তৰিছে স্থানীয় একাংশ লোকে। ১৪ ফেব্ৰুৱাৰী নিশা এই গৰাকী মহিলাৰ বাসগৃহ অগ্নিদগ্ধ হৈ সম্পূৰ্ণৰূপে ভস্মীভূত হৈছিল। মহিলাগৰাকীয়ে অগ্নিকাণ্ড পৰিকল্পিত আৰু আহমদ আলি, জাকিৰ হুছেইন আৰু দিলোৱাৰা বেগমৰ বিৰুদ্ধে কচুৱা থানাত অভিযোগ দাখিল কৰিছিল। লোককেইজনে মহিলাগৰাকীক ৫০ হাজাৰ টকা দাবী কৰি দাবী কৰা ধন আদায় নিদিলে সমাজৰ পৰা এঘৰীয়া কৰাৰ লগতে ঘৰ জ্বলাই দিয়াৰ ভাবুকি দিয়া বুলি মহিলাগৰাকীয়ে এজাহাৰত উল্লেখ্য কৰে। স্থানীয় লোকসকলে বিধৱা মহিলাগৰাকী সমাজ বিৰোধী কামত জড়িত থকাত সমাজৰ পৰা এঘৰীয়া কৰা হৈছে বুলি কয়৷ যি সকললোকৰ বিৰুদ্ধে অভিযোগ অনা হৈছে তেওঁলোক নিৰ্দোষী বুলি কৈ মহিলাগৰাকীৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ দাবী জনাই।