ডিজিটেল ডেস্কঃ মহাৰাষ্ট্ৰৰ ৰায়গড়ত সোমবাৰে সন্ধিয়া ভাগি পৰা এটা অট্টালিকাৰ ধ্বংসস্তূপৰ মাজত এতিয়াও আৱদ্ধ হৈ আছে ১৮ জনকৈ লোক। ইফালে উদ্ধাৰকাৰী দলে কালিৰে পৰা চলোৱা উদ্ধাৰ অভিযানত ২জন লোকৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে বুলি জানিব পৰা গৈছে।
উল্লেখ্য যে, সোমবাৰে সন্ধিয়া প্ৰায় ৬.৫০ বজাত ৰায়গড়ৰ কাজলপুৰা অঞ্চলত ভাগি পৰিছিল এটা অট্টালিকা। এই ভাগি পৰা অট্টালিকাটোৰ ধ্বংসস্তূপৰ মাজত আৱদ্ধ হৈ পৰিছিল প্ৰায় ৫০ জন লোক। পিছত ঘটনাস্থলীত এনডিআৰএফৰ ৩টা উদ্ধাৰকাৰী দল উপস্থিত হৈ উদ্ধাৰ অভিযান চলায়। দুৰ্ঘটনা সংঘটিত হোৱা ঠাইত বৰ্তমানেও উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে উদ্ধাৰকাৰী দলে।
ইফালে ৰায়গড়ৰ এই দুৰ্ঘটনাত দুখ প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু গৃহমন্ত্ৰী অমিত শ্বাহে। টুইটযোগে এই দুৰ্ঘটনা দুৰ্ভাগ্যজনক বুলি মন্তব্য কৰি আহত সকলৰ আশু আৰোগ্য কামনা কৰে প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীয়ে।