কোকৰাঝাৰঃ পৃথক বড়োলেণ্ড অসম্ভৱ বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰাৰ পিছতে বড়ো নেচনেল ষ্টুডেণ্ট ইউনিয়নে মুখ্যমন্ত্ৰীক উভতি ধৰাৰ পিছত আজি বিষয়টো সন্দৰ্ভত এবছুৱে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। নিখিল বড়ো ছাত্ৰ সন্থা চমুকৈ এবছুৰ কোকৰাঝাৰ জিলা সমিতিৰ উদ্যোগত আজি কোকৰাঝাৰ ছোৱালী মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত জিলাৰ বিভিন্ন মহাবিদ্যালয় লগতে বিশ্ববিদ্যালয়ত অধ্যয়ন কৰি থকা শিক্ষাৰ্থীসকলৰ মাজত এক মতবিনিময় অনুষ্ঠানত অংশগ্ৰহণ কৰি এবছুৰ সভাপতি দ্বীপেন বড়োৱে সাংবাদিকৰ এক প্ৰশ্নত্তোৰত কয় যে মুখ্যমন্ত্ৰী কি ভাষণ দিছে শুনা নাই যদিও আজিৰ তাৰিখত ২০২০ চনত সম্পন্ন হোৱা শান্তি চুক্তি ৰূপায়নত হে অধিক গুৰুত্ব দিয়া হৈছে।
বড়ো অধ্যুষিত অঞ্চলসমূহৰ যি অন্তৰ্ভুক্তিকৰণৰ দফা অন্তৰ্ভুক্ত হৈছিল সেয়া এশ শতাংশই ৰূপায়নকে ধৰি আন দফাসমুহৰো এশ শতাংশ ৰূপায়নৰ বাবে মনোনিৱেশ কৰা হৈছে আৰু দফা ৰূপায়নৰ পিছতহে আন কথাবিলাক চিন্তা কৰিম বুল মন্তব্য কৰিছে এবছুৰ সভাপতি দ্বীপেন বড়োৱে। অসম চৰকাৰ, ভাৰত চৰকাৰে দিয়া প্ৰতিশ্ৰুতি সময়মতে ৰূপায়ন নকৰিলে তেতিয়াহে বিকল্প পন্থা চিন্তা কৰিব লাগিব বুলি মন্তব্য কৰি বিকল্প চিন্তা কৰাৰ পূৰ্বে ৰাইজৰ সতে আলাপ-আলোচনা কৰিব লাগিব বুলিও মন্তব্য কৰিছে এবছুৰ সভাপতি দ্বীপেন বড়োৱে।
উল্লেখ্য যে, আজি কোকৰাঝাৰ জিলা এবছুৰ উদ্যোগত শিক্ষা আৰু শিক্ষাৰ সতে জড়িত বিভিন্ন সমস্যাৰ ওপৰত বিশেষ মতবিনিময় সভা অনুষ্ঠিত কৰিছিল য’ত শিক্ষাৰ্থীৰ বিভিন্ন সমস্যা আলোচনা কৰাৰ লগতে ইয়াৰ সমাধানৰ পথ সন্দৰ্ভতো আলোচিত হয়। ইউপিএচচিৰ কোচিংৰ বাবে অহা জুলাই মাহৰ পৰাই এবছুয়ে বিশেষ উদ্যোগ গ্ৰহণ কৰিব বুলি মন্তব্য কৰি এবছুৰ সভাপতি দ্বীপেন বড়োৱে সমস্যবোৰ আলোচনা নকৰিলে সমস্যাবোৰ সমস্যা হৈয়ে ৰৈ যায় বুলি মন্তব্য কৰে।