ডিজিটেল ডেস্কঃ পুনৰ গুৱাহাটী মহানগৰত লতাশিল আৰক্ষীয়ে জব্দ কৰিছে বৃহৎ পৰিমাণৰ ড্ৰাগছ। হেদায়েৎপুৰৰ এটা ভাৰাঘৰৰ পৰা আৰক্ষীয়ে জব্দ কৰিছে ড্ৰাগছ। দীৰ্ঘসময় ধৰি তালাচী চলাই আৰক্ষীয়ে ভাৰঘৰটোৰ পৰা জব্দ কৰে ড্ৰাগছ খিনি। অভিযানকালত আৰক্ষীয়ে আটক কৰে ৬টাকৈ ড্ৰাগছ পেদলাৰক। ইয়াৰে তিনিজনক গ্ৰেপ্তাৰ কৰে লতাশীল আৰক্ষীয়ে ৷ গ্ৰেপ্তাৰ হৈছে ৰহিম আলী, ৰহিলা বেগম আৰু নিজাম আলী ৷ হাইদৰ হছেইন নামৰ এগৰাকী লোকৰ ঘৰত ভাৰতীয়া হিচাপে আছিল তিনিও।