গুৱাহাটীঃ নিশা মহানগৰীত ভয়ংকৰ পথ দুৰ্ঘটনা ৷ গুৱাহাটী ক্লাৱৰ সমীপত সংঘটিত হয় এই দুৰ্ঘটনা।
গাড়ীৰ নিয়ন্ত্ৰণ হেৰুৱাই উৰণীয়া সেতুৰ ৰেলিং ভাঙি নলাত পৰে এখন চাৰিচকীয়া বাহন। সুৰাসক্ত চালকৰ বাবে দুৰ্ঘটনাটো সংঘটিত হয় বুলি জানিব পৰা গৈছে ।
দুৰ্ঘটনাগ্ৰস্ত গাড়ীখনৰ নম্বৰ AS 01 BM 3032 ৷ দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত হয় দুজনকৈ লোক। আৰক্ষীয়ে আহত লোক দুজনক GMCHলৈ প্ৰেৰণ কৰাৰ লগতে দুৰ্ঘটনাগ্ৰস্ত বাহনখনক উদ্ধাৰ কৰি থানালৈ লৈ যায়।