জয়ন্ত মুদৈ, বেবেজীয়াঃ নগাঁও জিলাৰ বেবেজীয়াৰ দাঁতি কাষৰীয়া ম’হমৰীয়া চাৰিআলিত ম’হমৰীয়া বয়জ ক্লাবৰ উদ্যোগত সদৌ অসম ভিত্তিত তিনিদিনীয়াকৈ অনুষ্ঠিত দিবা-নৈশ প্ৰাইজমানি ক্ৰিকেট প্ৰতিযোগিতাত ঘাঁহীৰ আয়ুস ইলেভেনে চূড়ান্ত বিজয়ী খিতাপ অৰ্জন কৰিছে৷ প্ৰতিযোগিতাৰ কালি নৈশালোকত অনুষ্ঠিত হোৱা ফাইনেলত আয়ুস ইলেভেনে কে ৱাই চিক পাঁচ ৰাণত পৰাজিত কৰে। আয়ুস ইলেভেনৰ ত্ৰিদীপ হাজৰিকা ফাইনেলৰ মেন অব দ্যা মেচ আৰু কে ৱাই চিৰ হিতেশ্বৰ বৰদলৈ মেন অব দ্যা চিৰিজৰূপে বিবেচিত প্ৰতিযোগিতাৰ ছেমি ফাইনেলত আয়ুস ইলেভেনে মিলনপুৰ ক্ৰিকেট ক্লাবক ২৬ ৰাণত আৰু কে ৱাই চিয়ে ঘাঁহী ইলেভেন ষ্টাৰক ৮ উইকেটত হৰুৱাই ফাইনেলত উপনীত হৈছিল ৷ ফাইনেল খেলখনত সীমান্ত দাস আৰু পাৰ্থপ্ৰতিম শৰ্মা আম্পায়াৰৰূপে আছিল। ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ ২৬ টা দলে যোগদান কৰা সীমিত অভাৰৰ দ্বাদশ সংখ্যক প্ৰতিযোগিতাখনৰ অন্তত যুৱ সংগঠক হেমন্ত দাসে আঁত ধৰা সামৰণি অনুষ্ঠানত নগাঁও জিলা অনুসূচিত জাতি উন্নয়ন ব’ৰ্ডৰ অধ্যক্ষ নৰেন চন্দ্ৰ দাস, সমাজ সংগঠক তথা কৃতী শিক্ষক লৱকান্ত শৰ্মা, নগাঁও ক্ৰীড়া সংস্থাৰ সহকাৰী সম্পাদক সমীৰ হাজৰিকা, সমাজ সংগঠক অৰ্ণৱ দাস, হীৰকজ্যোতি দাস, অনুপম দাস, প্ৰৱিতা দাস আদিয়ে বিভিন্ন বঁটাসমূহ বিতৰণ কৰে। উল্লেখ্য যে, সামৰণি অনুষ্ঠানত নৰেন চন্দ্ৰ দাসে অনুসূচিত জাতি উন্নয়ন পৰিষদৰ ফালৰ পৰা অহা বৰ্ষত বিজয়ী দলটোলৈ নগদ ত্ৰিশ হেজাৰ টকা আগবঢ়াব বুলি ঘোষণা কৰে।তদুপৰি ম’হমৰীয়া অঞ্চলৰ সমাজকৰ্মী ভাৰত দাসে এম বি চিৰ স্থায়ী কাৰ্যালয় নিৰ্মাণৰ বাবে প্ৰয়াজনীয় ভূমি দান কৰিছে বুলি আয়োজক সমিতিৰ বিষয়ববীয়া প্ৰজ্ঞান কুমাৰ দাস আৰু ৰাজু দাসে সামৰণি অনুষ্ঠানতে দৰ্শক ৰাইজক জানিবলৈ দিয়ে৷