March 31, 2023, 3:05 pm
শেহতীয়া খবৰ ▪️
শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ বকলীয়াঘাট আঞ্চলিক শাখাৰ ৬৫ সংখ্যক প্ৰতিনিধি সভা জামুগুৰিহাটৰ ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলন চিচুপানীত নিখিল বড়ো ছাত্ৰ সন্থাৰ অধিবেশন স্কুল অৱ ড্ৰামাৰ নিবেদন “দ্য চাইলেণ্ট কিলাৰ” মৰিয়নি বিহু সুৰক্ষা সমিতিৰ পঞ্চম দ্বিবাৰ্ষিক অধিবেশন আৰ্তজনৰ কাষত তিতাবৰ মহকুমা গ্ৰাম্য সাংবাদিক সংন্থা প্ৰধান মন্ত্ৰীৰ কৃষক সন্মান নিধি বিষয়ক সভা ৰাজধানী এক্সপ্ৰেছত জুই হোজাইৰ কপাহবাৰীত পথ দুৰ্ঘটনা বিটিচিত আজি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন কোকৰাঝাৰত হাগ্ৰামা মহিলাৰীৰ ভোটদান মন্ত্ৰী চন্দন ব্ৰহ্মৰ ভোটদান এনথৰক্স ৰোগত আক্রান্ত হৈ জয়পুৰ বৰ্ষাৰণ্যত হাতীৰ মৃত্যু তিনিচুকীয়াৰ ঢলা ছৈখোৱাত ঐতিহাসিক “বাবু পূজা” বেবেজীয়াত এ এছ আই প্ৰহ্লাদ নাথে ক্ষমতাৰ অপ-প্ৰয়োগেৰে জনতাক হাৰাশাস্তি দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিছোদিয়ালৈ চিবিআইৰ চমন সৰুপথাৰত নিৰ্মীয়মান কোটি টকীয়া মুকলি মঞ্চ পৰিদৰ্শন বিধায়ক বিশ্বজিৎ ফুকনৰ বাল্যবিবাহত পক্‌ছ’ লগোৱাক লৈ আদালতৰ ভৰ্ৎসনাঃ অভিযুক্তৰ বিৰুদ্ধে পক্‌ছ’ কিয় বুলি অসম আৰক্ষীক প্ৰশ্ন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ২৩ ফেব্ৰুৱাৰীত পুনৰ জে’ললৈ যাব অখিল গগৈ! অখিল গগৈৰ বিৰুদ্ধে আকৌ চলিব গোচৰ, নিয়াৰ আদালতত চলিব গোচৰ আকৌ বজাৰত মূৰ তুলিছে আদানিয়ে, শ্বেয়াৰ মাৰ্কেট স্থিৰ ডাঙৰ চহৰত সৰু কথাতে মানুহক হত্যা, ৫৬ বছৰীয়া লোকক মৰিয়াই নৃশংস হত্যা গ্ৰাহকৰ মূৰত বাঢ়িল ঋণৰ বোজাঃ ৰিজাৰ্ভ বেংকৰ ৰেপোৰেট ৬.৫ শতাংশলৈ লৈ বৃদ্ধি AIUDFৰ বিধায়কৰ আশ্ৰাফুল হুছেইনৰ বিৰুদ্ধে যুৱতীক অপহৰণৰ অভিযোগ ৰাজ্যবাসীৰ বাবে ভাল খবৰ ,অসমৰ আকাশত ন বিমান সংযোগঃ উৰিব পৱন হংস

মহন্ত অবিহনে চলিছে অগপৰ আমবাৰী কাৰ্যালয়, একেটা দিনতে অনুষ্ঠিত হ’ল দুখনকৈ সভা

Reporter Name
  • Update Time : Friday, June 19, 2020
  • 168 Time View

গুৱাহাটীঃ ক’ৰোনাৰ সংহাৰী ৰূপ তথা লক-ডাউনৰ মাজতে ৰাজনৈতিক দলসমূহে কুচ-কাৱাজ অব্যাহত ৰাখিছে৷ শাসকীয় বিজেপি দলে জন-সম্পৰ্ক অভিযান চলাই থকাৰ লগতে বিৰোধী কংগ্ৰেছ আৰু ইউডিএফেও ৰাজনৈতিক দৌৰ আৰম্ভ কৰিছে৷ শাসকীয় বিজেপি দলৰ সহযোগী দল আঞ্চলিক দল অসম গণ পৰিষদেও দলক শক্তিশালী কৰিবলৈ উঠি-পৰি লাগিছে৷ শুকুৰবাৰে আমবাৰীস্থিত মুখ্য কাৰ্যালয়ত সভাপতি অতুল বৰাৰ উপস্থিতিত গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয়। দলৰ প্ৰাক্তন সভাপতি তথা প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ অনুপস্থিতিত অনুষ্ঠিত সভাত দলৰ সাংগঠনিক দিশ সন্দৰ্ভত কেইবাটাও সিদ্ধান্ত গ্ৰহণ কৰে।

মন্ত্ৰী দলৰ কাৰ্যকৰী সভাপতি কেশৱ মহন্তৰ সভাপতিত্বত অনুষ্ঠিত সভাত ২০২১ৰ নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি দলীয় বিষয়-ববীয়া আৰু সদস্যসকলৰ সক্ৰিয় কৰিবলৈ আৰু ছ’চিয়েল মিডিয়াৰ জৰিয়তে দলৰ ব্যাপক প্ৰচাৰ আৰু প্ৰসাৰ বৃদ্ধিৰ বাবে কেইবাটাও সিদ্ধান্ত গ্ৰহণ কৰে দলটোৱে। সভাত ১৯৮৫ চনৰ পৰা বিভিন্ন সময়ত জয়লাভ কৰা ৮৫টা সমষ্টিক লক্ষ্য কৰি তৎপৰতা আৰম্ভ কৰাৰ লগতে ৫০ শতাংশৰো অধিক ছ’চিয়েল মিডিয়াৰ যাৱতীয় প্ৰস্তুতি সম্পূৰ্ণ কৰি তোলাৰ লগতে অহা ৭ দিনৰ ভিতৰত অন্যান্য সমষ্টি সমূহতো এই প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিব বুলি চৰ্চা হোৱা বুলি জানিব পাৰ যায়৷

ইতিমধ্যে দলে ছ’চিয়েল মিডিয়াৰ বাবে নিয়োজিত সমষ্টিসমূহৰ দায়িত্বপ্ৰাপ্ত সদস্যসকলক গুৱাহাটীত এই মাহৰ শেষৰফালে বিশেষ প্ৰশিক্ষণৰ ব্যৱস্থা কৰাৰ উপৰিও জিলা আৰু সমষ্টিসমূহৰ সভাপতি, সম্পাদকসকলক লৈ অহা জুলাইৰ প্ৰথম সপ্তাহত আন এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হ’ব।

সভাত দলৰ সভাপতি তথা মন্ত্ৰী অতুল বৰা জ্যেষ্ঠ নেতা তথা মন্ত্ৰী ফণীভূষণ চৌধুৰী, সাধাৰণ সম্পাদক ডা০ কমলা কলিতা, বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য, নুৰুল হুছেইন, ভূপেন ৰায়, প্ৰবীণ হাজৰিকা, সত্যব্ৰত কলিতা, মনোজ শইকীয়া উপস্থিত থাকে।

এই বৈঠকৰ পিছতে দলৰ ভাতৃ সংগঠন অসম যুৱ পৰিষদ, অসম মহিলা পৰিষদ আৰু অসম ছাত্ৰ পৰিষদৰ বিষয়ববীয়াসকলৰ আন এক বৈঠক অনুষ্ঠিত হয়৷ ভাতৃ সংগঠন সমূহৰ বাবে দলে কাৰ্যসূচী ঘোষণা কৰে।

অসম গণ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে ২০ জুনত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা স্মৃতি দিৱস অসম যুৱ পৰিষদ আৰু অসম ছাত্ৰ পৰিষদে ৰাজ্যজুৰি অনুষ্টুপীয়াকৈ উদযাপন কৰিব। শ্ৰদ্ধাঞ্জলি তৰ্পণ আৰু বন্তি প্ৰজ্বলনেৰে সামাজিক দূৰত্ব ৰক্ষা কৰি বিষ্ণু ৰাভা দিৱস উদযাপন কৰিবলৈ কেন্দ্ৰীয় সমিতিয়ে অসম যুৱ পৰিষদ আৰু অসম ছাত্ৰ পৰিষদক দায়িত্ব অৰ্পণ কৰে।

🔹 বাতৰিটো ভাল পালে শ্বেয়াৰ কৰক

◼️ তলৰ বাতৰিসমূহো পঢ়িব পাৰে