নিউজ ডেস্কঃ অসমীয়া সাহিত্যৰ জোনাকী যুগৰ এগৰাকী স্বনামধন্য কবি, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি প্ৰয়াত মফিজুদ্দিন আহমদ হাজৰিকাদেৱৰ ১৮৭০চনৰ আজিৰ দিনটোতেই জন্ম হৈছিল।
বিখ্যাত কবিতা পুথি ‘জ্ঞান মালিনী’ৰ ৰচক মফিজুদ্দিন আহমদ হাজৰিকা ১৯৩০ চনত গোলাঘাটত বহা অসম সাহিত্য সভা অধিবেশনৰ সভাপতি আছিল। ১৯১৩ চনত শিৱসাগৰত অনুষ্ঠিত ছাত্ৰ সভাত সভাপতিত্ব কৰিছিল। অসম চৰকাৰৰ পৰা তেখেতে সাহিত্যিক পেন্সন লাভ কৰিছিল।
আজি তেখেতৰ ওপজা দিনত তেখেতক শ্ৰদ্ধা নিবেদিছো।