ডিজিটেল ডেস্কঃ কৃষিপণ্য বাণিজ্য ও বাণিজ্য (প্রচাৰ-সুবিধা) বিধেয়ক-২০২০ আৰু কৃষক (ক্ষমতা আৰু সুৰক্ষা) মূল্য আশ্বাস-চুক্তি কৃষি সেৱা কৰ সংক্ৰান্ত বিধেয়ক-২০২০ বৃহস্পতিবাৰে লোকসভাত গৃহীত হয়৷ ইয়াৰ পিছতে কেন্দ্ৰীয় চৰকাৰে এই বিধেয়ক ৰাজ্যসভাত গৃহীত কৰিব৷ কিন্তু এই আইনক কৃষক বিৰোধী বুলি কৈ বিৰোধীয়ে সদনত এই বিধেয়ক বাৰণ কৰিছে৷ কেন্দ্ৰীয় শাসিত বিজেপিৰ অন্যতম সহযোগী শিৰোমণি আকালি দলে এই বিধেয়ক গৃহীত হোৱাৰ পিছতে নাৰাজ হৈছে৷ শিৰোমণি আকালিৰ নেত্ৰী ৰহছিমৰত কৌৰে কেন্দ্ৰীয় মন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিছে৷ শিৰোমণি আকালি দলৰ সভাপতি সুখবীৰ সিং বাদলে পঞ্জাৱৰ কৃষি খণ্ডক এই আইনে ধ্বংস কৰিব বুলি কয়৷
কিন্তু চৰকাৰৰ মতে এই আইনৰ দ্বাৰা ক্ষুদ্ৰ আৰু প্ৰান্তিক কৃষকসকল উপকৃত হ’ব৷ কিন্তু পঞ্জাৱ আৰু হাৰিয়ানাৰ দৰে কৃষি আধাৰিত অৰ্থব্যৱস্থাৰ বৃহৎ ৰাজ্যসমূহত এই বিধেয়কৰ বিৰুদ্ধে ব্যাপক হাৰত প্ৰতিবাদ আৰম্ভ হৈছে৷ কৃষকে জীৱিকা-নিৰ্বাহত ভয়াবহ সমস্যা হ’ব বুলি আশংকা কৰিছে৷
শিৰোমণি আকালি দলৰ সভাপতি সুখবীৰ সিং বাদলে এই বিধেয়কৰ বিৰদ্ধে সংসদত কয় যে শিৰোমণি আকালি দল কৃষকৰ দল৷ কৃষি সম্পৰ্কীয় এই বিধেয়কৰ আমি বিৰোধ কৰিছো৷ প্ৰস্তাৱিত অধিনিয়ম মতে, কৃষি খণ্ডক নিৰ্মাণ কৰিবলৈ পঞ্জাৱৰ কৃষকে কৰা ৫০ বছৰীয়া কষ্টক বিধ্বস্ত কৰিব৷
এই বিধেয়কৰ বিৰুদ্ধে পঞ্জাৱৰ কৃষকে বৃহৎ হাৰত ৰাজপথলৈ ওলাই আহিছে৷ যাৰ বাবে পঞ্জাৱৰ আঞ্চলিক দল শিৰোমণি আকালি দলৰ ওপৰত হেঁচা পৰে৷
যাৰ ফলত দলটোৰ কেন্দ্ৰীয় চৰকাৰৰ একমাত্ৰ মন্ত্ৰী হৰছিমৰত কৌৰে পদত্যাগ কৰিছে৷ চাৰি পৃষ্ঠাজোৰা পদত্যাগ পত্ৰত কৌৰো উল্লেখ কৰে যে দীৰ্ঘ তৰ্ক তথা দলে বাৰে বাৰে চেষ্টা কৰাৰ পিছতো কেন্দ্ৰীয় চৰকাৰে বিধেয়কৰ বাবে কৃষকৰ বিশ্বাস আদায় নকৰিলে৷ আমাৰ দলৰ প্ৰতিগৰাকী সদস্য কৃষক৷ ইয়াৰ বাবে দল দীৰ্ঘ সময় ধৰি কৃষকৰ হিতৰ বাবে কাম কৰা পুৰণি পৰম্পৰা অব্যাহত ৰাখিবৰ বাবে এই পন্থা অৱলম্বন কৰা বুলি কয় কৌৰে৷
কৃষক ক্ষমতা আৰু সুৰক্ষা মূল্য আশ্বাস চুক্তি আৰু কৃষি সেৱাৰ এই বিধেয়ক কৃষকৰ কৃষি ব্যৱসায় সংস্থা, ৰপ্তানী আৰু ক্ষুদ্ৰ বিক্ৰেতাৰ মাজত সম্পৰ্কৰ মাধ্যম শক্তিশালী কৰিবলৈ এই কৃষি চুক্তি আইন অনা হৈছে৷ কৃষি চুক্তিৰ দ্বাৰা ৰাষ্ট্ৰীয় স্তৰত অধিক বিকাশ কৰাৰ কথা কোৱা হৈছে৷
এই বিধেয়কত এগৰাকী কৃষকে এক সহমতত কৃষি পণ্য সৰবৰাহৰ বাবে লিখিত চুক্তিত প্ৰৱেশৰ বাবে অনুমতি দিয়া হৈছে৷ এই চুক্তিৰ দ্বাৰা কৃষকৰ উৎপাদিত সামগ্ৰীৰ দাম আৰু নিৰ্ধাৰিত দামৰ অতিৰিক্ত মূল্য স্পষ্টভাৱে দেখুৱাইছে৷
কৃষি উৎপাদন ব্যৱসায়, আৰু বাণিজ্য (ক্ষমতা আৰু সুৰক্ষা) বিধেয়ক-২০২০ত কৃষকক এই বিকল্প দিয়া হৈছে যে নিজ উৎপাদিত সামগ্ৰী দেশৰ যিকোনো বজাৰত প্রতিযোগিতামূলক যিকোনো দামৰ বিনিময়ত বিক্ৰী কৰিব পাৰে৷ চৰকাৰৰ মতে, এই বিধেয়কৰ উদ্দেশ্যে হৈছে কৃষক আৰু ব্যৱসায়ীৰ মাজত এনে ইকোচিষ্টেম তৈয়াৰ কৰা য’ত উৎপাদন বিক্ৰীৰ বাবে নিজেই বিকল্প নিৰ্বাচন কৰিব পাৰে৷ চৰকাৰে কয় যে ৰাজ্যৰ ভিতৰত বেলেগ ৰাজ্যৰ সৈতে পাৰদৰ্শী আৰু সুবিধাজনক প্ৰতিযোগিতামূলক বিকল্প ব্যৱসায়ৰ মাধ্যম উৎপন্ন হ’ব৷ ইয়াৰ দ্বাৰা পাৰিশ্ৰমিক মূল্য বৃদ্ধি হ’ব৷
এতিয়া এই বিধেয়কৰ বিৰুদ্ধে পঞ্জাৱ আৰু হাৰিয়ানাত ব্যাপক প্ৰতিবাদ আৰম্ভ হৈছে৷ কৃষকে উৎপাদিত সামগ্ৰীৰ ন্যূনতম সমর্থন মূল্য নাপাব বুলি আশংকা কৰে৷ ইয়াৰ লগতে মধ্যভূগিয়ে উপাৰ্জনত প্ৰভাৱ পেলাব বুলি ভয় কৰে৷ বিৰোধ দলে এই বিধেয়কক কৃষক বিৰোধী আখ্যা দিছে৷ কৃষি খণ্ডত কৰ্পোৰেট জগতৰ প্ৰৱেশ ঘটিব বুলি কয়৷
কৃষকে আশংকা কৰে যে কৃষকে ৰাজহ নোপোৱা হৈ পৰিব৷ কৃষকে নিজ উৎপাদিত সামগ্ৰী কোনো আন ঠাইত বিক্ৰী কৰিলে শুল্ক একত্ৰিত কৰিব নোৱাৰিব৷ দেশৰ বহু ৰাজ্য কেন্দ্ৰীয় ৰাজহ এজেন্সিৰ অধিনত৷ এই ৰাজ্যসমূহত কেন্দ্ৰীয় ভাণ্ডাৰৰ বাবে গেহু আৰু চাউল ক্ৰয় কৰে৷ যদি কেন্দ্ৰীয় চৰকাৰে ৰাজ্যসমূহত উৎপাদিত সামগ্ৰী ক্ৰয় কৰিবলৈ বন্ধ কৰি দিয়ে তেন্তে ৰাজহ লাভ নকৰিব৷