ডিজিটেল ডেস্কঃ জনস্বাস্থ্য কাৰিকৰী বিভাগ, পৰ্যটন বিভাগৰ দায়িত্ব লাভ কৰিলে নতুন মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই। ৰঞ্জিত দাসৰ পৰা কৰ্তন কৰিলে জনস্বাস্থ্য কাৰিকৰী বিভাগ। শক্তি বিভাগৰ দায়িত্ব দিয়া হৈছে নন্দিতা গাৰ্লোছাক। লগতে খনি আৰু খনিজ সামগ্ৰীৰ দপ্তৰো অৰ্পন কৰা হৈছে নন্দিতা গাৰ্লোচাক। দপ্তৰ কৰ্তন হ’ল বিমল বৰাৰ। বিমল বৰাৰ হাতৰ পৰা গল শক্তি বিভাগৰ দায়িত্ব। উদ্যোগ আৰু বাণিজ্য দপ্তৰ অৰ্পণ কৰা হৈছে বিমল বৰাক। চন্দ্ৰমোহন পাটোৱাৰীৰ কটা গ’ল দুটাকৈ দপ্তৰ। পাটোৱাৰীৰ পৰা কৰ্তন উদ্যোগ আৰু বাণিজ্য বিভাগ, পৰিবহণ বিভাগ। পাটোৱাৰীক বন আৰু পৰিৱেশ বিভাগৰ দায়িত্ব। পূৰ্বৰ মীন আৰু আৱকাৰী বিভাগৰ লগতে পৰিমল শুক্লবৈদ্যক পৰিবহণ বিভাগৰ দায়িত্ব।