ডিজিটেল ডেস্কঃ আজি প্ৰথম পৰ্য্যায়ৰ ভোটগ্ৰহণ মনিপুৰত। পুৱাৰে পৰা আৰম্ভ হৈছে ভোটগ্ৰহণ প্ৰক্ৰিয়া। প্ৰথম পৰ্য্যায়ৰ ভোটগ্ৰহণত পুৱা ৯.৩০ বজালৈ ৮.৯৪% জনতাই ভোটাধিকাৰ সাবস্ত্য কৰিছে। প্ৰথম পৰ্যায়ত মণিপুৰ বিধানসভা নিৰ্বাচনত ৩৮টা সমষ্টিত প্ৰতিদ্বন্দিতা কৰিছে ১৭৩ জন প্ৰাৰ্থীয়ে৷ ১৭৩ প্ৰাৰ্থীৰ ভিতৰত মাত্ৰ ১৫গৰাকী মহিলা প্ৰাৰ্থী আছে।
বিধানসভাৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত প্ৰতিদ্বন্দিতাত আগবঢ়োৱা ৰাজনৈতিক দলবোৰৰ ভিতৰত বিজেপিয়ে মুঠ ৩৮ খন আসনতেই প্ৰাৰ্থী প্ৰদান কৰিছে, বিজেপিয়ে ৩৬ গৰাকী পুৰুষ আৰু মাত্ৰ দুগৰাকী মহিলাক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। তাৰ পিছত কংগ্ৰেছে ৩৫ জন প্ৰাৰ্থী প্ৰক্ষেপ্ৰিত কৰিছে। কংগ্ৰেছে প্ৰথম পৰ্য্যায়ৰ নিৰ্বাচনৰ ৩৫ প্ৰাৰ্থীৰ ভিতৰত চাৰিগৰাকী মহিলাক প্ৰাৰ্থীত্ব দিছে , এন পি পিয়ে ২৭ জন প্ৰাৰ্থী, জে ডি (ইউ)য়ে ২৮ জন প্ৰাৰ্থী, শিৱসেনাই ৭খন আসনত, আৰ পি আই (আঠৱালে)য়ে ছয়খন, এল জে পি (ৰাম বিলাস)য়ে তিনিখনকৈ আৰু কুকি নেচনেল এচেম্বলী আৰু কুকি পিপলছ এলায়েন্সে দুখনকৈ আসনত প্ৰাৰ্থী প্ৰদান কৰিছে। ১৮ জন নিৰ্দলীয় প্ৰাৰ্থীয়েও প্ৰতিদ্বন্দিতা আগবঢ়াইছে প্ৰথম পৰ্য্যায়ৰ বিধানসভা নিৰ্বাচনত।