ডিজিটেল ডেস্কঃ মধ্যপ্ৰদেশৰ ধাৰ জিলাত সংঘটিত হৈছে ভয়ংকৰ দুৰ্ঘটনা ৷ নৰ্মদা নদীত পৰিল চৰকাৰী যাত্ৰীবাহী এখন বাছ৷ ইন্দোৰ পৰা পুনেলৈ গৈ থকা অৱস্থাতে সংঘটিত হৈছে এই বাছ দুৰ্ঘটনা৷ থিতাতে ১৩ জনতকৈ অধিক লোকৰ মৃত্যু হৈছে৷ জীৱন্তে উদ্ধাৰ কৰা হৈছে ১৫ জনতকৈ অধিক লোকক৷ বাছখনত মুঠ ৪০ জন যাত্ৰী আছিল বুলি জানিব পৰা গৈছে৷ ঘটনাস্থলীত জিলা প্ৰশাসনৰ লোক উপস্থিত হৈ আহত সকলক হাস্পাতালত ভৰ্তি কৰিছে৷ ঘটনা সন্দৰ্ভত টুইটযোগে শোক প্ৰকাশ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানৰ৷