আজিও দিল্লীত বাহৰ পাতি আছে মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙে৷ এন বীৰেন সিঙে মুখ্যমন্ত্ৰীৰ পদ পুনৰ লাভ কৰিব নে নাই তাকে লৈ চৰ্চাৰ মাজতে আজি বিজেপি সভাপতি জে.পি নাড্ডা, মণিপুৰৰ কাৰ্যকৰী মুখ্যমন্ত্ৰী এন বীৰেন সিং আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক বি.এল সন্তোষে দিল্লীত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ বাসগৃহত উপস্থিত হৈ এই বিষয়ত চৰ্চা কৰিব৷ পৰৱৰ্তী মণিপুৰৰ কোন হ’ব আজি ঠিৰাং হ’ব পাৰে৷ আজি দিল্লীত সাংবাদিকৰ সন্মুখত এন বীৰেন সিঙে কয় যে কেতিয়াও মুখ্যমন্ত্ৰী পদৰ বাবে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা নাছিলো৷ মণিপুৰত বিজেপি কৰ্মী হিচাপে নিৰ্বাচনত যুঁজিছিলো৷ ইপিনে মণিপুৰৰ মুখ্যমন্ত্ৰী পদৰ বাবে নাম চৰ্চাত আছে থংগাম বিশ্বজিৎ সিঙৰ নাম৷
সম্পূৰ্ণ অসমৰ আৰ্হিৰে মণিপুৰত মুখ্যমন্ত্ৰী নিৰ্বাচিত হ’ব পাৰে বুলি চৰ্চা হৈছে৷ বৰ্তমানৰ মুখ্যমন্ত্ৰী এন বিৰেণ সিঙক দিল্লীলৈ নি কেন্দ্ৰীয় মন্ত্ৰী কৰা হ’ব পাৰে আৰু যুৱ নেতা থংগাম বিশ্বজিৎ সিং মণিপুৰৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হ’ব পাৰে৷ অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বিজেপিত যোগদিয়াৰ সময়তে তৃণমূল কংগ্ৰেছ এৰি বিজেপিত যোগ দিছিল থংগাম বিশ্বজিৎ সিঙে৷ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা একেবাৰে ঘনিষ্ঠ থংগাম বিশ্বজিৎ সিং পৰৱৰ্তী মুখ্যমন্ত্ৰী হোৱাৰ সম্পূৰ্ণ সম্ভাৱনা আছে৷ মণিপুৰত বিজেপিক পুনৰ শাসনলৈ অনাত তথা দলটোৰ পুনৰবাৰ ভাগ্য সলনি কৰাৰ কৃতিত্ব থংগাম বিশ্বজিৎ সিঙক দি আহিছে দলটোৰ বেছি সংখ্যক নেতা-কৰ্মীয়ে।