ডিজিটেল ডেস্ক : মণিপুৰৰ ননি জিলাৰ ৰে’ল নিৰ্মাণ স্থলীত ভূমিস্খলনৰ ফলত নিহত হোৱা আৰু তিনিজন লোকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে৷ যাৰ ফলত দেওবাৰে মৃতকৰ সংখ্যা ৩৭ জনলৈ বৃদ্ধি পায়। আনহাতে বৰ্তমানেও ২৫ জন লোকৰ অনুসন্ধানৰ বাবে অভিযান অব্যাহত আছে।
টুপুল অঞ্চলত শনিবাৰৰ পৰা হোৱা বৰষুণে অনুসন্ধান অভিযানত প্ৰভাৱিত কৰিছে। গুৱাহাটীৰ এজন প্ৰতিৰক্ষা মুখপাত্ৰই কয় যে এতিয়ালৈকে ধ্বংসাৱশেষৰ পৰা ৩৭ জনৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে৷ যাৰ ভিতৰত ২৪ জন টেৰিটৰিয়েল আৰ্মীৰ জোৱান আৰু ১৩ জন সাধাৰণ লোক। ৬ জন সন্ধানহীন টেৰিটৰিয়েল আৰ্মী জোৱান আৰু আন ১৯ জনৰ অনুসন্ধানৰ বাবে অভিযান অব্যাহত আছে।
সেনা, অসম ৰাইফলছ, টেৰিটৰিয়েল আৰ্মী, এছডিআৰএফ বাহিনী অনুসন্ধান অভিযানত নিয়োজিত হৈ আছে। বিগত নিশা প্ৰচণ্ড বৰষুণ হোৱাৰ লগতে ভূমিস্খলনো সংঘটিত হৈছিল। বৰ্তমানলৈকে টেৰিটৰিয়েল আৰ্মীৰ ১৩ জন কৰ্মী আৰু পাঁচজন সাধাৰণ লোকক সুৰক্ষিতভাৱে স্থানান্তৰ কৰা হৈছে।