গুৱাহাটীঃ স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই মঙলবাৰে নিশা টুইট যোগে জাৰি কৰা তথ্য মতে, মঙলবাৰে ৰাজ্যত ধৰা পৰিছে ২৪০৯গৰাকী ৰোগী৷ ইয়াৰে কামৰূপ মহানগৰৰ ৬৩৩গৰাকী, ১৭২গৰাকী যোৰহাটৰ, ১২০গৰাকী লক্ষীমপুৰৰ আৰু ২০১গৰাকী ডিব্ৰুগড় জিলাৰ ৰোগী আছে৷ ৰাজ্যত কোভিড-১৯ত আক্ৰান্ত ৰোগীৰ সংখ্যা ১ লাখ ৪৬ হাজাৰলৈ বৃদ্ধি পাইছে৷ সম্প্ৰতি ৩১০২৯গৰাকী ৰোগী চিকিৎসাধীন হৈ আছে৷ ১ লাখ ১৫ হাজাৰ ৰোগী সুস্থ হৈছে আৰু ৪৯২গৰাকী ৰোগীৰ মৃত্যু হৈছে৷