বেবেজীয়াঃ সদৌ অসম পৌৰ নিকায় কৰ্মচাৰী সন্থাৰ আহ্বানত মঙলবাৰৰ পৰা চলি থকা ধৰ্মঘটৰ আজি দ্বিতীয় দিন৷ ৰাজ্য অন্যান্য পৌৰ সভাৰ লগতে নগাঁও জিলাৰ ধিং পৌৰ সভাৰ কৰ্মচাৰীসকলেও মঙলবাৰৰ পৰা অব্যাহত ৰাখিছে এই ধৰ্মঘট কাৰ্যসূচী৷ পৌৰ নিকায়ৰ কৰ্মচাৰীসকলৰ চাকৰি নিয়মীয়া কৰাকে প্ৰমুখ্য কৰি দীৰ্ঘদিনীয়া বহুকেইটা দাবী বৰ্তমানেও পূৰণ নোহোৱাৰ প্ৰতিবাদতেই এইদৰে পৌৰ নিকায় কৰ্মচাৰীসকলে নিজ কাৰ্যালয়তেই ৰূপায়ণ কৰিছে ধৰ্মঘট কাৰ্যসূচী৷ আনহাতে দৰং জিলাৰ মঙলদৈত পৌৰসভাৰ কৰ্মচাৰীসকলে তিনিদিনীয়াকৈ অৱস্থান ধৰ্মঘট কাৰ্য্যসূচী ৰূপায়ণ কৰিছে। ধনৰ অভাৱত ঘৰ চলাব নোৱাৰা অৱস্থাৰ পৰিবেশ হোৱা কৰ্মচাৰীসকলৰ জীৱনলৈ ঘোৰ অমানিশা নামি অহাত মঙলদৈত পৌৰসভাৰ কৰ্মচাৰীসকলে অৱস্থান ধৰ্মঘট কাৰ্য্যসূচী ৰূপায়ণ কৰিছে৷