প্ৰবীণ বৰুৱা, মঙলদৈঃ আগন্তুক পৌৰসভা নিৰ্বাচনৰ বাবে ভাৰতীয় জনতা পার্টিৰ মঙলদৈ নগৰ মণ্ডল সমিতিয়ে শনিবাৰে জিলা কাৰ্যালয়ত সংকল্প পত্ৰ উন্মোচন কৰে। সংকল্প পত্ৰত মঙলদৈ নৈ আৰু বেগা নৈক মুখ্য উদ্দেশ্যে কৰি চহৰখনৰ প্ৰতিটো ৱাৰ্ডক সামৰি নলা-নর্দমাৰ এক মাষ্টাৰ প্লেন প্রস্তুত কৰাৰ কথা উল্লেখ কৰে। মাষ্টাৰ প্লেনৰ জৰিয়তে আটাইকেইটা ৱাৰ্ডকে কৃত্রিম বানৰ পৰা মুক্ত কৰাৰ ঘোষণা কৰে। পৌৰসভা এলেকাৰ অন্তৰ্গত সকলো সৰু-বৰ পথৰ তালিকা প্রস্তুত কৰি পর্যায়ক্রমে আটাইবোৰ পথ নিৰ্মাণ বা মেৰামতিৰ ব্যৱস্থা কৰা, মঙলদৈ চহৰখনৰ প্ৰতিঘৰ পৰিয়াললৈ খোৱাপানীৰ সংযোগ ব্যৱস্থা কৰা, চহৰখনত বৰ্তমান কার্যক্ষম হৈ থকা ২০টা হাই মাস্ক লাইটৰ উপৰিও নতুনকৈ আৰু ২০ টা লাইটৰ ব্যৱস্থা কৰাৰ প্ৰতিশ্ৰুতি দিয়ে। চহৰখনৰ সকলো বাট-পথত সুপৰিকল্পিতভাবে ষ্ট্ৰীট লাইটৰ ব্যৱস্থা কৰা, কৌশল বিকাশ যোজনাৰ অধীনত পৌৰসভাৰ অন্তৰ্গত অর্থনৈতিক ভাৱে পিছপৰা নিবনুৱা যুৱক-যুৱতীৰ বাবে আত্মনিৰ্ভৰশীল হ’ব পৰাকৈ বিভিন্ন বিষয়ত প্ৰশিক্ষণৰ ব্যৱস্থা কৰাৰো কথা উল্লেখ কৰে৷ বর্তমানৰ বিজেপি চৰকাৰে সময়ে সময়ে ৰূপায়ন কৰা জনহিতৈষী আঁচনিসমূহত পক্ষপাতিত্ব বিহীনভাবে সম-বিতৰণত বিশেষভাৱে লক্ষ্য ৰখা, বিজেপি চৰকাৰৰ দিনত আৰু প্ৰাক্তন বিধায়ক গুৰুজ্যোতি দাসৰ প্ৰচেষ্টাত আৰম্ভ কৰা জয়ন্ত হাজৰিকা আৰু ড° ভূপেন হাজৰিকা সোঁৱৰণী উদ্যান দুখনৰ সৌন্দৰ্য্য বৰ্দ্ধনৰ বাবে এক নতুন ৰূপত সজাই তোলাৰ কথাকো গুৰুত্ব দিছে। মঙলদৈ চহৰত প্ৰতিটো শনিবাৰে বহা অস্থায়ী মহিলা বজাৰখনৰ বাবে এক স্থায়ীস্থানৰ ব্যৱস্থা কৰি সপ্তাহৰ আটাইকেইটা দিনত মহিলা বজাৰখনৰ নিয়মীয়াভাবে চলাৰ ব্যৱস্থা কৰা। মঙলদৈ চহৰৰ মাজেৰে বৈ যোৱা বেগানদীখনক পৰিষ্কাৰ কৰি পানী সুচলভাবে বৈ যোৱাৰ ব্যৱস্থা কৰা। প্রধানমন্ত্রী আৱাস যোজনাৰ অধীনত এতিয়ালৈকে যিসকল আর্থিকভাৱে দুর্বল ব্যক্তিয়ে ঘৰ পোৱা নাই সেইসকলক ঘৰ দিয়াৰ ব্যৱস্থা কৰা। অনাময় আঁচনিৰ অধীনত ৰৈ যোৱা প্ৰতিটো আর্থিকভাবে দুর্বল পৰিয়ালক শৌচালয় দিয়াৰ ব্যৱস্থা কৰা। পৌৰসভা এলেকাৰ বাসিন্দাসকলৰ ঘৰৰ কৰ সংগ্ৰহ প্ৰক্ৰিয়াৰ লগতে ব্যবসায়ীসকলৰ সুবিধার্থে ব্যৱসায়িক অনুজ্ঞাপত্ৰৰ নৱীকৰণ অনলাইনযোগে দিয়াৰ ব্যৱস্থা কৰাৰ সুবিধা কৰি দিয়া হ’ব বুলি কয়। মঙলদৈ চহৰখনত যোৱা ৫টা বছৰত প্ৰাক্তন বিধায়ক গুৰুজ্যোতি দাসৰ নেতৃত্বত আৰু চৰকাৰৰ সহযোগত চহৰখনে এক নতুন ৰূপ পাবলৈ সক্ষম হয় তাৰেই ফলস্বৰূপে চহৰখন ইতিমধ্যে কৃষ্ণচূড়া নগৰীত পৰিণত হৈছে আৰু এই মহান প্রয়াস অব্যাহত ৰাখি অনাগত দিনত চহৰখন অধিক সেউজকৰণ কৰি তোলা হ’ব। চহৰখনত থকা গান্ধীস্মৃতি পাৰ্কৰ আধুনিকীকৰণৰ ব্যৱস্থা কৰি শিশুসকলৰ শাৰীৰিক আৰু মানসিক উৎকর্ষসাধন কৰা। চহৰখনৰ নাগৰিকসকলৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি সুকীয়াকৈ এক খোজকঢ়া এলেকাৰ (Walking Zone) ব্যৱস্থা কৰা। পৌৰসভাৰ বৰ্তমান এলেকাৰ বৰ্দ্ধিতকৰণৰ ব্যৱস্থা কৰি ১০টা খণ্ডৰ পৰিৱৰ্তে ২১ টা খণ্ডলৈ উন্নিত কৰা। মঙলদৈ পৌৰসভাৰ বৰ্তমান কাৰ্যালয়টো নতুনকৈ নিৰ্মাণ কৰাৰ ব্যৱস্থা কৰা। মঙলদৈ চহৰখনক পৰিষ্কাৰ-পৰিচ্ছন্ন কৰি ৰখাৰ বাবে বিশেষভাৱে ব্যৱস্থা গ্রহণ কৰা আদি লক্ষ্যৰে মঙলদৈ পৌৰ নিৰ্বাচনযত সংকল্প পত্ৰত উল্লেখ কৰে এই সংকল্প পত্ৰ উন্মোচনী অনুষ্ঠানত প্ৰাক্তন বিধায়ক গুৰুজ্যোতি দাসৰ উপৰিও মঙলদৈ নগৰ মণ্ডলৰ বিষয় ববিয়া কৰ্ম কৰ্তা সকল উপস্থিত থাকে। উন্মোচনী অনুষ্ঠানত মঙলদৈ পৌৰ সভাৰ দহোটা ওৱাৰ্ডতে বিজেপি আৰু বিজেপি মিত্ৰ দল এজিপি ৰ প্ৰাৰ্থী জয়ী হ’ব বুলি দাবী কৰে।