প্ৰবীণ বৰুৱা, মঙলদৈঃ মঙলদৈত মুকলি হ’বলগীয়া কৰ্কট ৰোগৰ চিকিৎসালয়ত স্থানীয় যুৱক-যুৱতীক নিযুক্তি দিবলৈ দাবী জনাইছে আছুৱে৷ সদৌ দৰং জিলা ছাত্ৰ সন্থাৰ সভাপতি পৰাগ কুমাৰ চহৰীয়া আৰু সাধাৰণ সম্পাদক সত্যৰঞ্জন ডেকাই মঙলবাৰে দৰং জিলাত টাটা ট্ৰাষ্ট আৰু ৰাজ্য চৰকাৰৰ পৃষ্ঠপোষকতাত নিৰ্মিত কৰ্কট ৰোগৰ চিকিৎসালয় খনত স্থানীয় যুৱক-যুৱতীক নিয়োগ কৰিবলৈ দাবী জনাই৷ মুকলি কৰিবৰ বাবে সাজু হোৱা খবৰে সমগ্ৰ জিলা খনৰ জনসাধাৰণক উৎসাহিত কৰা বুলি কয় আছুৱে। দীৰ্ঘ দিন ধৰি ছাত্ৰ সন্থা তথা জিলাবাসীয়ে এখন কৰ্কট ৰোগৰ চিকিৎসালয় স্থাপনৰ দাবী জনাই আহিছিল। ইতিমধ্যে অসম চৰকাৰৰ স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে নিৰ্মাণস্থলী পৰিদৰ্শন কৰি চিকিৎসালয়খন শীঘ্ৰে মুকলি কৰাৰ কথা ঘোষণা কৰাত আমি আদৰণি জনাইছো। ছাত্ৰ সন্থাৰ স্পষ্ট দাবী যে উক্ত চিকিৎসালয়খনত নিযুক্তি দিব লগা তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰিৰ ক্ষেত্ৰত জিলাখনৰ স্থানীয় যোগ্যতা সম্পন্ন প্ৰাৰ্থীক অগ্ৰাধিকাৰ ভিত্তিত নিযুক্তি দিব লাগে। জিলাখনৰ শিক্ষিত তথা যোগ্যতা থকা নিবনুৱাক বঞ্চিত কৰি আন প্ৰাৰ্থীক নিযুক্তি দিয়াটো মানি লব নোৱাৰি। সেয়ে আমি চৰকাৰক দাবী জনাইছো যে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰিৰ ক্ষেত্ৰত জিলাখনৰ প্ৰাৰ্থী সকলক যোগ্যতাৰ ভিত্তিত নিযুক্তি দিব লাগে।লগতে তাত হব লগা কেণ্টিন খন দৰঙৰ স্থায়ী বাসিন্দা ৰ ভিতৰত পৰিচালনা কৰাৰ সুবিধা দিব লাগে। ছাত্ৰ সন্থাৰ স্থানীয় যোগ্যতা সম্পন্ন প্ৰাৰ্থীক অগ্ৰাধিকাৰ ভিত্তিত নিযুক্তি দিবলৈ জনোৱা দাবী বিভাগীয় কৰ্তৃপক্ষই কিমান দূৰ গুৰুত্ব দিয়ে সেয়া সময়ত জানিব পৰা যাব।