প্ৰবীণ বৰুৱা, মঙলদৈঃ মঙলদৈৰ ভেবাৰঘাটৰ লাৱনি চ’কৰ এয়াৰটেল টাৱাৰৰ তলত আজি এটা মৃতদেহ উদ্ধাৰ হোৱাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। মঙলবাৰে দুপৰীয়া মৃতদেহটো স্থানীয় লোকে প্ৰত্যক্ষ কৰে। স্থানীয় ৰাইজে মৃতদেহটো প্ৰত্যক্ষ কৰি মঙলদৈ আৰক্ষীক খবৰ দিয়ে। মৃতদেহটো প্ৰফুল্ল নগৰ নিবাসী তিলক ডেকাৰ ২৫ বছৰীয়া একমাত্ৰ পুত্ৰ দিব্যজ্যোতি ডেকাৰ। মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে মঙলদৈ অসামৰিক চিকিৎসাললৈ প্ৰেৰণ কৰে মঙলদৈ আৰক্ষীয়ে।