February 9, 2023, 2:39 am
শেহতীয়া খবৰ ▪️
শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ বকলীয়াঘাট আঞ্চলিক শাখাৰ ৬৫ সংখ্যক প্ৰতিনিধি সভা জামুগুৰিহাটৰ ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলন চিচুপানীত নিখিল বড়ো ছাত্ৰ সন্থাৰ অধিবেশন স্কুল অৱ ড্ৰামাৰ নিবেদন “দ্য চাইলেণ্ট কিলাৰ” মৰিয়নি বিহু সুৰক্ষা সমিতিৰ পঞ্চম দ্বিবাৰ্ষিক অধিবেশন আৰ্তজনৰ কাষত তিতাবৰ মহকুমা গ্ৰাম্য সাংবাদিক সংন্থা প্ৰধান মন্ত্ৰীৰ কৃষক সন্মান নিধি বিষয়ক সভা ৰাজধানী এক্সপ্ৰেছত জুই হোজাইৰ কপাহবাৰীত পথ দুৰ্ঘটনা বিটিচিত আজি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন কোকৰাঝাৰত হাগ্ৰামা মহিলাৰীৰ ভোটদান মন্ত্ৰী চন্দন ব্ৰহ্মৰ ভোটদান এনথৰক্স ৰোগত আক্রান্ত হৈ জয়পুৰ বৰ্ষাৰণ্যত হাতীৰ মৃত্যু তিনিচুকীয়াৰ ঢলা ছৈখোৱাত ঐতিহাসিক “বাবু পূজা” বেবেজীয়াত এ এছ আই প্ৰহ্লাদ নাথে ক্ষমতাৰ অপ-প্ৰয়োগেৰে জনতাক হাৰাশাস্তি আকৌ বজাৰত মূৰ তুলিছে আদানিয়ে, শ্বেয়াৰ মাৰ্কেট স্থিৰ ডাঙৰ চহৰত সৰু কথাতে মানুহক হত্যা, ৫৬ বছৰীয়া লোকক মৰিয়াই নৃশংস হত্যা গ্ৰাহকৰ মূৰত বাঢ়িল ঋণৰ বোজাঃ ৰিজাৰ্ভ বেংকৰ ৰেপোৰেট ৬.৫ শতাংশলৈ লৈ বৃদ্ধি AIUDFৰ বিধায়কৰ আশ্ৰাফুল হুছেইনৰ বিৰুদ্ধে যুৱতীক অপহৰণৰ অভিযোগ ৰাজ্যবাসীৰ বাবে ভাল খবৰ ,অসমৰ আকাশত ন বিমান সংযোগঃ উৰিব পৱন হংস উত্তৰাখণ্ডত ভাইৰেল ফিভাৰত আক্ৰান্ত ৪২ জনকৈ স্কুলীয়া শিক্ষাৰ্থী দেওলীয়া আদানিৰ হাতত এতিয়া কি কি আছে? ৰাষ্ট্ৰীয় মহিলা কাবাদী খেলুৱৈৰ প্ৰশিক্ষক বিৰুদ্ধে শাৰীৰিক নিৰ্যাতনৰ অভিযোগ ভুৱা এনকাউণ্টাৰ কৰি মূল্য ভৰিলে পুলিচে বন বিভাগৰ গাফিলতিৰ বাবেই বনাঞ্চলৰ পৰা জনাঞ্চললৈ ওলাই আহি গঁড়ৰ মৃত্যু

মঙলদৈত ৬৮.১৮, ছিপাঝাৰত ৭৩.৭৪, খাৰুপেটীয়াত ৭৩.৯৭ শতাংশ ভোটদান

Reporter Name
  • Update Time : Sunday, March 6, 2022
  • 87 Time View

প্ৰবীণ বৰুৱা, মঙলদৈঃ দৰং জিলাৰ তিনিখন পৌৰ সভাততদেওবাৰে পুৱাৰে পৰা ভোট গ্ৰহণ আৰম্ভ হৈ আবেলি ৫ বজাত অন্ত পৰে। দৰং জিলাৰ ৩টা পৌৰসভা মঙলদৈ, খাৰুপেটীয়া আৰু নতুনকৈ পৌৰ এলেকাৰ মৰ্যাদা পোৱা ছিপাঝাৰ পৌৰসভাৰ বাবে প্ৰথমবৰল নিৰ্বাচন অনুষ্ঠিত হয়। মঙলদৈ পৌৰ এলেকাত ভোটদানৰ বাবে ২৪টা ভোটগ্ৰহণ কেন্দ্ৰ স্থাপন কৰাৰ বিপৰীতে খাৰুপেটিয়া আৰু ছিপাঝাৰ পৌৰ এলেকাত ২১টা আৰু ১৩টা কৈ ভোটগ্ৰহণ কেন্দ্ৰ স্থাপন কৰা হয়। মঙলদৈ পৌৰসভাৰ ১০টা ৱাৰ্ডৰ বাবে সৰ্বমুঠ ২৮ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে। দুপৰীয়া মঙ্গলদৈ পৌৰসভাৰ ২নং ৱাৰ্ডত এজেপি-বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীগৰাকীৰ কিছু সমৰ্থক ভোট কেন্দ্ৰৰ ভিতৰত প্ৰৱেশ কৰাত হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয়৷ পৰিৱেশ উত্তাল হয় যদিও মঙলদৈ আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। সমান্তৰালকৈ খাৰুপেটিয়াৰ ১১টা ৱাৰ্ডৰ বাবে ৩০ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে। ইপিনে ছিপাঝাৰ পৌৰ সভাৰ ১০টা ৱাৰ্ডত মুঠ ২১ গৰাকীয়ে প্ৰাৰ্থীয অৱতীৰ্ণ হ’ব লগীয়া আছিল যদিও ৯নং ৱাৰ্ডৰ অভিনৱ হাজৰিকাই বিনা প্ৰতিদ্বন্দ্বিতাৰে বিজয়ী হবলৈ সক্ষম হয়৷ মঙলদৈ পৌৰসভাত সৰ্বমুঠ ৬৮.১৮ শতাংশ, ছিপাঝাৰ পৌৰ সভাত ৭৩.৭৪ শতাংশ আৰু খাৰুপেটীয়া পৌৰসভাত ৭৩’৯৭ শতাং ভোটদান হয়। জিলা খনৰ মুঠ ভোটদান ৭২.৬৩ শতাংশ। জিলাখনৰ তিনিখন পৌৰ সভাৰ ভোট গ্ৰহণ কেন্দ্ৰত দুই এটা বিক্ষিপ্ত ঘটনাৰ বাহিৰে শান্তি পূৰ্ণ বুলি কব পাৰি।

🔹 বাতৰিটো ভাল পালে শ্বেয়াৰ কৰক

◼️ তলৰ বাতৰিসমূহো পঢ়িব পাৰে