মঙলদৈঃ সোমবাৰে পুৱাই দৰং জিলাৰ মঙলদৈ চহৰৰ সমীপত নিয়ন্ত্ৰণ হেৰুৱাই এখন তীব্ৰ বেগী যাত্ৰীবাহী বাছ খাৱৈত বাগৰি পৰাত প্ৰায় ২০গৰাকী লোক গুৰুতৰ ভাৱে আঘাতপ্ৰাপ্ত হৈছে বুলি জানিব পৰা গৈছে৷
মঙলদৈৰ আউলাচৌকাত সংঘটিত এই বাছ দুৰ্ঘটনাত গুৰুতৰ ভাৱে আঘাতপ্ৰাপ্তসকলক চিকিৎসালয়ত ভৰ্তি কৰিছে৷ ৰৌতাৰ পৰা গুৱাহাটী অভিমুখে আহি থকা আল্ট্ৰা বাছখন মঙলদৈ আউলাচৌকাত নিয়ন্ত্ৰণ হেৰুৱাই দ-খাৱৈত বাগৰি পৰে৷
৪০ জন যাত্ৰীক স্থানীয় লোকে পানীত নামি উদ্ধাৰ কৰে৷ আঘাত প্ৰাপ্তসকলক আৰক্ষীৰ সহায়ত চিকিৎসালয়লৈ প্ৰেৰণ কৰা বুলি জানিব পৰা গৈছে৷