মঙলদৈঃ মঙলদৈত শনিবাৰে ৰাজ্যখনৰ অন্যতম শিক্ষামূলক অনুষ্ঠান ষ্টুডেণ্ট কেডেট কৰ্প’ছ(এছ চি চি)ৰ দৰং জিলা সমিতিখন গঠন কৰা হয়। কাৰ্যসূচীত ভাগ লৈ এছ চি চি ৰাজ্যিক সভাপতি ছাব্বিৰ হুছেইন আৰু সাধাৰণ সম্পাদক সঞ্জয় শৰ্মাই ৰাজ্যৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহৰ কাৰণে এটি সুখবৰ দিয়ে। ৰাজ্যৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহে যিহেতু NCCৰ সুবিধা নাপায়। গতিকে ছাত্ৰ-ছাত্ৰীসকলক শাৰীৰিক, মানসিক নৈতিক তথা আধ্যাত্মিক দিশত আগবঢ়াই লৈ যোৱাৰ বাবে অসমৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহত বিনামূলীয়াকৈ এছ চি চি ইউনিট দিব বুলি জানিবলৈ দিয়ে। ৰাজ্যৰ ইচ্ছুক ব্যক্তিসকলক এছ চি চি ৰ ৰাজ্যিক সমিতিৰ সৈতে যোগাযোগ কৰিবলৈ অনুৰোধ জনায়।আনহাতে, যোৱা ২০ জুলাইত অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই এছ চি চিক নিমন্ত্ৰণ জনাই এছ চি চি সন্দৰ্ভত বিতংকৈ জানি এছ চি চিৰ সমস্যাসমূহ কম দিনৰ ভিতৰত সমাধান কৰিব বুলি আশ্বাস প্ৰদান কৰা বুলি সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়ে।
আনহাতে, এছ চি চি ৰ ৰাজ্যিক উপ-সভাপতি মস্তফা কামাল আৰু আবু তালেব আহমেদ, ৰাজ্যিক প্ৰশিক্ষণ বিভাগৰ মুৰব্বী হিৰামণি ৰাহমাৰ, খুচবাৰ আলীৰ নেতৃত্বত দৰং জিলা সমিতিখন গঠন কৰি সাধাৰণ সম্পাদক সঞ্জয় শৰ্মা আৰু ৰাজ্যিক সভাপতি ছাব্বিৰ হুচেইনে দায়িত্ব প্ৰদান কৰে। নৱনিৰ্বাচিত জিলা সভাপতি অঞ্জন কুমাৰ গোস্বামী, সাধাৰণ সম্পাদক ইমদাদুল ইছলামক লৈ মুঠ ৩৫ জন বিষয়ববীয়াৰে এছ চি চি ৰ দৰং জিলা সমিতিখন গঠন কৰা হয়।