March 28, 2023, 9:53 pm
শেহতীয়া খবৰ ▪️
শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ বকলীয়াঘাট আঞ্চলিক শাখাৰ ৬৫ সংখ্যক প্ৰতিনিধি সভা জামুগুৰিহাটৰ ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলন চিচুপানীত নিখিল বড়ো ছাত্ৰ সন্থাৰ অধিবেশন স্কুল অৱ ড্ৰামাৰ নিবেদন “দ্য চাইলেণ্ট কিলাৰ” মৰিয়নি বিহু সুৰক্ষা সমিতিৰ পঞ্চম দ্বিবাৰ্ষিক অধিবেশন আৰ্তজনৰ কাষত তিতাবৰ মহকুমা গ্ৰাম্য সাংবাদিক সংন্থা প্ৰধান মন্ত্ৰীৰ কৃষক সন্মান নিধি বিষয়ক সভা ৰাজধানী এক্সপ্ৰেছত জুই হোজাইৰ কপাহবাৰীত পথ দুৰ্ঘটনা বিটিচিত আজি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন কোকৰাঝাৰত হাগ্ৰামা মহিলাৰীৰ ভোটদান মন্ত্ৰী চন্দন ব্ৰহ্মৰ ভোটদান এনথৰক্স ৰোগত আক্রান্ত হৈ জয়পুৰ বৰ্ষাৰণ্যত হাতীৰ মৃত্যু তিনিচুকীয়াৰ ঢলা ছৈখোৱাত ঐতিহাসিক “বাবু পূজা” বেবেজীয়াত এ এছ আই প্ৰহ্লাদ নাথে ক্ষমতাৰ অপ-প্ৰয়োগেৰে জনতাক হাৰাশাস্তি দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিছোদিয়ালৈ চিবিআইৰ চমন সৰুপথাৰত নিৰ্মীয়মান কোটি টকীয়া মুকলি মঞ্চ পৰিদৰ্শন বিধায়ক বিশ্বজিৎ ফুকনৰ বাল্যবিবাহত পক্‌ছ’ লগোৱাক লৈ আদালতৰ ভৰ্ৎসনাঃ অভিযুক্তৰ বিৰুদ্ধে পক্‌ছ’ কিয় বুলি অসম আৰক্ষীক প্ৰশ্ন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ২৩ ফেব্ৰুৱাৰীত পুনৰ জে’ললৈ যাব অখিল গগৈ! অখিল গগৈৰ বিৰুদ্ধে আকৌ চলিব গোচৰ, নিয়াৰ আদালতত চলিব গোচৰ আকৌ বজাৰত মূৰ তুলিছে আদানিয়ে, শ্বেয়াৰ মাৰ্কেট স্থিৰ ডাঙৰ চহৰত সৰু কথাতে মানুহক হত্যা, ৫৬ বছৰীয়া লোকক মৰিয়াই নৃশংস হত্যা গ্ৰাহকৰ মূৰত বাঢ়িল ঋণৰ বোজাঃ ৰিজাৰ্ভ বেংকৰ ৰেপোৰেট ৬.৫ শতাংশলৈ লৈ বৃদ্ধি AIUDFৰ বিধায়কৰ আশ্ৰাফুল হুছেইনৰ বিৰুদ্ধে যুৱতীক অপহৰণৰ অভিযোগ ৰাজ্যবাসীৰ বাবে ভাল খবৰ ,অসমৰ আকাশত ন বিমান সংযোগঃ উৰিব পৱন হংস

মঙলদৈত মাতৃৰ ৰুদ্ৰমূৰ্তি, ড্ৰাগছ আসক্ত পুত্ৰক দাৰে ঘপিয়াই হত্যা

Reporter Name
  • Update Time : Saturday, August 22, 2020
  • 181 Time View

মঙলদৈঃ মাতৃ আৰু পুত্ৰৰ সম্পৰ্কক নিৰ্ভেজাল বুলি কোৱা হয়৷ মাতৃ আৰু পুত্ৰৰ সম্পৰ্ক মৰম, চেনেহ আদৰৰ মাজেৰে অটুত থাকে৷ যুগে যুগে নিজৰ মাতৃৰ প্ৰতি থকা কৰ্তব্য পালন কৰাটো অসমৰ সংস্কৃতিত প্ৰতিজন পুত্ৰৰ ধৰ্ম আৰু দায়িত্ব বুলি অনুভৱ কৰি আহিছে৷ পুত্ৰৰ পৰা পোৱা অনাদৰ, অৱহেলা, বিৰক্তি ভাব সমাজৰ বাবে এক অভিশাপ স্বৰূপ৷ তথাপিও মাতৃয়ে ঈশ্বৰৰ ওচৰত নিজৰ মৃত্যু কামনা কৰিলেও কোনো কাৰণতে পুত্ৰৰ মৃত্যু কামনা নকৰে৷

পুত্ৰই অনাদৰ, অৱহেলা কৰাত বিৰক্তিৰ ভাৱ জাগিলেও পুত্ৰৰ মৃত্যু কামনা নকৰি নিজৰ মৃত্যু কামনা নকৰে যদিও এইখন অসমত মাতৃয়ে হত্যা কৰিলে পুত্ৰক৷ দৰং জিলাৰ মঙলদৈত মাতৃৰ হাতত পুত্ৰৰ প্ৰাণ গৈছে৷ এই ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ পুত্ৰক হত্যা কৰি মাতৃয়ে বীৰদৰ্পে ঘোষণা কৰি কলে মই পুত্ৰক হত্যা কৰিছে৷

জানিব পৰা মতে, মঙলদৈ নিবাসী সমৰেন্দ্ৰ ডেকাই প্ৰায়ে ড্ৰাগছ সেৱন কৰি ঘৰলৈ আহে৷ ড্ৰাগছ সেৱন কৰি ঘৰলৈ আহি মাতৃক অত্যাচাৰ কৰে সমৰেন্দ্ৰই৷ মাতৃয়ে পুত্ৰৰ এই অতপালি সহ্য কৰি গৈছিল৷ কিন্তু শনিবাৰে পুনৰ ড্ৰাগছ আসক্ত সমৰেন্দ্ৰই ঘৰত অতপালি আৰম্ভ কৰে৷ তেনেতে মাতৃ বাসন্তী ডেকা খঙত অগ্নিশৰ্মা হৈ পুত্ৰক আক্ৰমণ কৰে৷ মাতৃৰ আক্ৰমণত পুত্ৰৰ মৃত্যু হয়৷ তাৰ পিছতে পুত্ৰক হত্যা কৰা বুলি নিজ মুখে স্বীকাৰ মাতৃ বাসন্তী ডেকাই। ইমানে নহয় পুত্ৰই ড্ৰাগছ সেৱন কৰি ঘৰত অত্যাচাৰ চলাই আহিছিল বুলি আৰক্ষীক অৱগত কৰে বাসন্তী ডেকাই।

বাসন্তী ডেকাই উল্লেখ কৰা মতে, অইন দিনাৰ দৰে আজিও ড্ৰাগছ কিনিবৰ বাবে টকা বিচাৰে পুত্ৰ সমৰেন্দ্ৰই। কিন্তু মাতৃয়ে টকা দিবলৈ মান্তি নহয়৷ মাতৃয়ে টকা নিদিয়াত ঘৰত অত্যাচাৰ চলাবলৈ আৰম্ভ কৰে। অত্যাচাৰ সহিব নোৱাৰি মাতৃয়ে পুত্ৰক ৰডৰে কঁকালত আক্ৰমণ কৰাই নহয় খঙত অগ্নিশৰ্মা হৈ দাৰে ঘপিয়াই। আৰক্ষীয়ে পুত্ৰ সমৰেন্দ্ৰ ডেকাক মঙলদৈ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰাই যদিও চিকিৎসালয়ত মৃত্য হয়৷ ইফালে মাতৃয়ে মঙলদৈ আৰক্ষী থানা আত্মসমৰ্পন কৰিছে। উল্লেখ্য যে, সমৰেন্দ্ৰ ডেকাই পূৰ্বে তিনিবাৰ জেল-হাজোতলৈ গৈছে।

🔹 বাতৰিটো ভাল পালে শ্বেয়াৰ কৰক

◼️ তলৰ বাতৰিসমূহো পঢ়িব পাৰে